উচটনিমূলক মন্তব্যৰে ধর্মীয় অনুভূতিত আঘাত হানিবলৈ চেষ্টা কৰাৰ অভিযোগত পাঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ বিজেপি নেতা তাজিন্দৰ পাল সিং বাগ্গাক ৷ শুকুৰবাৰে পুৱা পঞ্জাৱ আৰক্ষীয়ে দিল্লীৰ বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে। এক ভিডিঅ’ বিবৃতিত দিল্লী বিজেপিৰ মুখপাত্ৰ নবীন কুমাৰ জিন্দালে প্ৰকাশ কৰা অনুসৰি পুৱা প্ৰায় ৮:৩০ বজাত প্ৰায় ৫০ জন আৰক্ষীয়ে বাগ্গাৰ দিল্লীৰ ঘৰত প্ৰৱেশ কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।
পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে তদন্তত সহযোগ কৰিবলৈ বাগ্গালৈ পাঁচবাৰ জাননী প্ৰেৰণ কৰিছিল ৷ কিন্তু তেওঁ কোনো ধৰণৰ সহাঁৰি প্ৰকাশ কৰা নাছিল ৷ পঞ্জাৱৰ মোহালি জিলাৰ চাহিবজাদা অজিত সিং নগৰৰ চাইবাৰ চেলত বাগ্গাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।
উল্লেখ্য যে বাগ্গাই সামাজিক মাধ্যমত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সৰৱ হৈ আহিছে । ‘দ্য কাশ্মীৰ ফাইলছ’ চলচ্চিত্ৰক লৈ কেজৰিৱালৰ বিৰুদ্ধে কৰা টুইটৰ বাবে দিল্লী আৰু পঞ্জাৱ দুয়োখন ৰাজ্যতে শাসনত থকা আপৰ সমালোচনাৰ সন্মুখীন হৈছিল। বাগ্গাক গ্ৰেপ্তাৰক লৈ আপ আৰু বিজেপিৰ মাজত তুংগত উঠিছে বাকযুদ্ধ ৷