ভাৰতীয় পশু কাল্যাণ পৰিষদ(এ ডব্লিউ বি আই )ৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে দিল্লী উচ্চ ন্যায়ালয় ৷ পূর্বে দিয়া নির্দেশনা পালন নকৰাৰ বাবে ন্যা্যালয়ে পৰিষদৰ সচিবলৈ চমন জাৰি কৰাৰ লগতে ক’ভিডৰ সময়ত বন্ধ হৈ পৰা চার্কাছৰ পশুসমুহৰ বর্তমান স্থিতি সন্দর্ভত সদৰী কৰিবলৈ নির্দেশ প্ৰদান কৰে ৷ গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ৯ ফেব্ৰুৱাৰী ধার্য কৰি ন্যায়ালয়ে চার্কাছত প্ৰদর্শনৰ বাবে ৰখা জীৱ-জন্তুসমুহ ক’ত আবদ্ধ কৰি ৰখা হৈছে তাৰ সবিশেষ তথ্য সদৰী কৰিবলৈ নির্দেশ দিছে পৰিষদক ৷
ন্যায়াধীশ বিপিন সিং আৰু ন্যায়াধীশ জচমীট সিঙৰ খণ্ড বিচাৰপীঠখনে কয় যে আদালতৰ নির্দেশ অৱমাননা কৰাৰ বাবে পৰি্ষদৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিবলৈ কুণ্ঠাবোধ নকৰিব ৷ জীৱ-জন্তুসমুহক লৈ আদালত চিন্তিত বুলি উল্লেখ কৰি বিচাৰপীঠখনে কয় যে সঠিক যত্নৰ অভাৱত এই জীৱ- জন্তুসমুহৰ মৃত্যু ঘটিব পাৰে ৷ বিচাৰপীঠখনে কয় ‘ এই বিষয়টোক লৈ এ ডব্লিউ বি আই মুঠেও চিন্তিত নহয় ৷এই জীৱ-জন্তু সমুহক কিদৰে আৰু কি পৰিস্থিতিত ৰখা হৈছে তাক লৈ অলপো সতর্ক নহয় ৷এইক্ষেত্ৰত তেওঁলোকে চৰম অৱহেলা কৰিছে ৷’
উল্লেখযোগ্য যে চার্কাছৰ জীৱ-জন্তুসমুহক লৈ দুটাকৈ গোচৰ ৰুজু হৈছিল দিল্লী উচ্চ ন্যায়ালয়ত ৷ এটা গোচৰৰ আবেদনকাৰী পেটাই ন্যায়ালয়ত প্ৰকাশ কৰিছে যে জীৱ- জন্তুসমুহৰ অৱস্থা সন্দর্ভত জানিবলৈ বিচাৰি কৰা আবেদনৰ উত্তৰ আজিপর্যন্ত প্ৰদান কৰা নাই পৰিষদে ৷