ক্ৰমাৎ বিশ্বৰ প্ৰদূষিত দেশসমূহৰ তালিকাত স্থান লাভ কৰিবলৈ আৰম্ভ কৰিছে ভাৰতে ৷ ২০২১ চনত ভাৰতত বায়ু প্ৰদূষণ অধিক বৃদ্ধি পাইছে ৷ ছুইজাৰলেণ্ডৰ প্ৰতিষ্ঠান ‘আই কিউ এয়াৰ’-এ প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই উদ্বেগজনক কথা ৷ । ইয়াৰ লগে লগে বায়ুৰ মানদণ্ড উন্নত কৰাৰ বাবে তিনি বছৰীয় প্ৰচেষ্টাৰ বিফলতাকে প্ৰদর্শন কৰিলে ৷ ভাৰতৰ কোনো এখন চহৰে বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা বায়ুৰ মানদণ্ড ৰক্ষা কৰিব পৰা নাই ৷ দেশৰ ভিতৰত উত্তৰ ভাৰতৰ পৰিস্থিতি অধিক শোচনীয় ৷ একেৰাহে দ্বিতীয় বছৰৰ বাবে বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানীৰ তালিকাত স্থান লাভ কৰিছে দিল্লীয়ে ৷ ইযাৰ প্ৰদূষণৰ মাত্ৰা আগৰ বছৰৰ তুলনাত প্ৰায় ১৫ শতাংশ বৃদ্ধি পাইছে। ইয়াত বায়ু প্ৰদূষণৰ স্তৰ বিশ্ব স্বাস্থ্য সংস্থাৰ সুৰক্ষা সীমাতকৈ প্ৰায় ২০ গুণ অধিক ৷ অৱশ্যে গোলকীয়ভাৱে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত দিল্লীৰ স্থান হৈছে চতুর্থ ৷ বিশ্বৰ আটাইতকৈ প্ৰদূষিত স্থান হৈছে ৰাজস্থানৰ ভিৱাড়ী ৷ ইয়াৰ পাছতে স্থান লাভ কৰিছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদে। শীৰ্ষ ১৫ খন আটাইতকৈ প্ৰদূষিত চহৰৰ দহখন ভাৰতৰ ৷ এই আটাইকেউখন প্ৰদূষিত চহৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সীমান্তৱর্তী ৷ আটাইতকৈ প্ৰদূষিত ১০০ খন স্থানৰ ভিতৰত ৬৩ খনেই ভাৰতৰ ৷ ইয়াৰে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ চহৰৰ সংখ্যাই অধিক ৷ । বায়ু প্ৰদূষণৰ মুখ্য উৎসসমূহৰ ভিতৰত আছে যানবাহনৰ নিৰ্গমন, কয়লাচালিত শক্তি প্ৰকল্প, ঔদ্যোগিক আৱৰ্জনা, ৰন্ধনৰ বাবে জীৱাশ্ম দহন আৰু নিৰ্মাণ খণ্ড।