বাংলাদেশৰ বংগবজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। বহু দোকান জ্বলি ছাই হৈ গৈছে । ৫০ খন অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে। সমগ্ৰ অঞ্চলজুৰি অগ্নিকাণ্ডক লৈ আতংকিত হৈ পৰিছে ৷
বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা ৬:১০ বজাত ঢাকাৰ বংগবজাৰ অঞ্চলত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। লগে লগে চাৰিওফালে বিয়পি পৰে জুই। অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰিছে। এই তথ্য লাভ কৰাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানলৈ প্ৰেৰণ কৰা হয়।
পিছলৈ পৰিস্থিতিৰ গুৰুত্ব অনুসৰি অগ্নিনির্বাপন গাড়ীৰ সংখ্যা বৃদ্ধি কৰা হ’ল। পুৱা প্ৰায় ১০:১৫ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, বংগবজাৰ অঞ্চলত মুঠ ৫০খন গাড়ীয়ে জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাই আহিছে ৷
বগবজাৰৰ এই অগ্নিকাণ্ডত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও অগ্নিকাণ্ডত বহু দোকানৰ ক্ষতিসাধন হয়। তেওঁলোকৰ দোকানৰ সামগ্ৰী প্ৰায় ভস্মীভুত হয় ৷ বহুতে জুই বিয়পি পৰাৰ আগতেই যিমান পাৰি সিমান সামগ্ৰী নিৰাপদ স্থানলৈ লৈ যাবলৈ সক্ষম হয়।
স্থানীয় ৰাইজেও অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে মিলি জুই নিৰ্বাপন কৰে। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্তৃপক্ষই অগ্নিকাণ্ডৰ সঠিক কাৰণ স্পষ্ট কৰা নাই । জুই নিয়ন্ত্ৰণ হোৱাৰ পিছত জুইৰ উৎসৰ তদন্ত কৰা হ’ব।
আনকি মঙলবাৰে পুৱা ১১:৩০ বজালৈকে বংগবজাৰৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। চাৰি ঘণ্টাৰো অধিক সময় ধৰি জ্বলি আছে ঢাকাৰ এই জনপ্ৰিয় বজাৰ এলেকা। হেলিকপ্টাৰেৰে পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে।