অহা ৪ নৱেম্বৰৰ পৰা গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ নিয়মীয়াকৈ যাত্ৰীবাহী বিমান চলাচল আৰম্ভ হ’ব। চলাচল কৰিবলগীয়া ফ্লাই বিগ নামৰ এয়াৰলাইন কোম্পানীৰ চি ই অ’ সঞ্জয় মানধাবিয়াই গুৱাহাটী আৰু লীলাবাৰীৰ বিমান ভাড়া হ’ব ৯৯৯ টকা হ’ব বুলি জানিবলৈ দিয়ে।
২০২০ চনৰ পৰা বিমান সেৱা আৰম্ভ কৰা ফ্লাই বিগ এয়াৰ লাইনে গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ ৰূপচী বিমান বন্দৰলৈও বিমান সেৱা আগবঢ়াব।
বিমান প্ৰতিষ্ঠানটোৱে দিনে দুৱাৰকৈ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে আগৰতলা আৰু গুৱাহাটীৰ মাজত নিয়মীয়াকৈ সপ্তাহত তিনিদিনকৈ বিমান চলাচল আৰম্ভ কৰিব।
বিমান পৰিবহন ব্যৱস্থাৰ উন্নয়নে সাধাৰণ ৰাইজক যথেষ্ট উপকৃত কৰিব।