ইছলামধর্মী লোকসকলে পৱিত্ৰ চহৰ হিচাপে গণ্য কৰা চৌদি আৰবৰ পবিত্ৰ মদিনা চহৰত সন্ধান ওলাইছে সোণ আৰু তামৰ খনি ৷ দেশখনে এই নতুন স্থান আৱিষ্কাৰ কৰাৰ কথা আজি ঘোষণা কৰিছে।
ছৌদি ভুতত্ব চাৰ্ভেই এটা টুইটাৰ পোষ্টত সদৰী কৰা অনুসৰি মদিনা অঞ্চলৰ আবা আল-ৰহাৰ সীমাৰ ভিতৰত সোণৰ খনিটো আৱিষ্কাৰ কৰা হৈছে । মদিনাৰ ৱাদি আল-ফাৰা অঞ্চলৰ আল-মাদিক অঞ্চলৰ চাৰিটা স্থানত তামৰ খনিও আৱিষ্কাৰ কৰা হৈছে বুলি বিষয়াসকলে জনায়।
ৰাজ্যখনৰ ভূতাত্ত্বিক সমীক্ষাই ছ’চিয়েল মিডিয়াত এইদৰে কয় -‘আমাৰ আৱিষ্কাৰৰ জৰিয়তে আমি বিশ্বৰ বাবে আশাব্যঞ্জক বিনিয়োগৰ সুযোগৰ অধিক সম্ভাৱনা মুকলি কৰি দিছো ৷”
আল আৰবিয়াৰ এক প্ৰতিবেদন অনুসৰি, এই নতুন আৱিষ্কাৰসমূহে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লগতে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। বিষয়াসকলৰ মতে নতুনকৈ আৱিষ্কৃত এই স্থানত ৫৩৩ মিলিয়ন ডলাৰ বিনিয়োগ হ’ব বুলি আশা কৰা হৈছে ৷ ইয়াৰ উপৰিও প্ৰায় ৪ হাজাৰ চাকৰিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
ছৌদি আৰৱত ৫৩০০ৰো অধিক খনিজ স্থান আছে বুলি জানুৱাৰী মাহত প্ৰকাশ কৰিছিল ছৌদি ভূতত্ত্ববিদ সমবায় সংস্থাৰ অধ্যক্ষ অধ্যাপক আব্দুলজিজ বিন লাবনে ৷ ইয়াৰ ভিতৰত আছে বৈচিত্ৰময় ধাতু আৰু শিল, নিৰ্মাণ সামগ্ৰী, ৰত্ন আদিৰ ভাণ্ডাৰ ।
ৰাজকুমাৰ মহম্মদ বিন ছলমানে স্থাপন কৰা ভিজন ২০৩০ অংশ হিচাপে চিনাক্ত কৰা অন্যতম খণ্ড হৈছে খনন। আল আৰবিয়াৰ মতে, জুন মাহত তেওঁ গৱেষণা আৰু উন্নয়ন খণ্ডৰ বাবে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ ঘোষণা কৰিছিল। মে’ মাহত ৰাজ্যখনৰ উদ্যোগ আৰু খনিজ সম্পদ মন্ত্ৰালয়ে খনন খণ্ডত ৩২ বিলিয়ন ডলাৰৰ বিনিয়োগ আকৰ্ষণ কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল ৷