আফগানিস্তানত তালিবানে আন এক ফতোৱা জাৰি কৰিছে । তালিবান চৰকাৰে মহিলাসকলৰ ৰেষ্টুৰেণ্টত প্ৰৱেশ নিষিদ্ধ কৰিছে । অভিযোগ অনুসৰি আজিকালি বহু মহিলাই হিজাব পৰিধান নকৰাকৈ ৰাজপথলৈ ওলাই আহিছে। ৰেষ্টুৰেণ্টতো মহিলাক হিজাব নোহোৱাকৈ দেখা যায়। সেইবাবেই চৰকাৰে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।
আফগানিস্তানৰ ধৰ্মীয় ব্যক্তিসকলে হিজাব অবিহনে মহিলাৰ লগত কৰা ব্যৱহাৰক লৈ চৰকাৰী বিষয়াৰ ওচৰত অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ অভিযোগ যে মহিলাসকলে হিজাব পৰিধান নকৰাকৈ ধৰ্মীয় নিয়ম মানি নচলে। ফলত ৰেষ্টুৰেণ্টত পুৰুষ-মহিলা একেলগে খাদ্য গ্ৰহণ কৰিছে ৷ এই লিংগ সংমিশ্ৰণ বাঞ্ছনীয় নহয়।
তালিবানে ৰেষ্টুৰেণ্টত মহিলাৰ প্ৰৱেশত প্ৰদান কৰা নিষেধাজ্ঞা বৰ্তমান আফগান চহৰ হেৰাটৰ কিছুমান ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য। বহুত মুকলি ঠাই থকা, সেউজীয়া আৰু বিশাল বাগিচাৰে আগুৰি থকা ৰেষ্টুৰেণ্টত মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া নহয়। এই ৰেষ্টুৰেণ্টখন কেৱল পুৰুষৰ বাবে।
তালিবানৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এই নিষেধাজ্ঞা কেৱল উদ্যানৰ দৰে মুকলি আকাশৰ ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সাধাৰণ ৰাইজৰ লগতে দেশৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা বাৰে বাৰে অভিযোগ লাভ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
তালিবানে দেশৰ অন্যান্য ৰেষ্টুৰেণ্ট আৰু উদ্যানসমূহকো নিৰীক্ষণ কৰি আছে। মহিলা আৰু পুৰুষৰ মাজত অধিক সম্পৰ্ক থাকিলেও নিষেধাজ্ঞা আৰোপ কৰা হ’ব।
২০২১ চনৰ আগষ্ট মাহৰ পৰা আফগানিস্তানত ক্ষমতা দখল কৰিছে তালিবানে। তেতিয়াৰ পৰাই তেওঁলোকে ধৰ্মৰ অজুহাতত দেশজুৰি নাৰী স্বাধীনতাক বিভিন্ন ধৰণে ভেঙুচালি কৰি আহিছে। তালিবান চৰকাৰে নাৰীক শিক্ষা, কৰ্মসংস্থাপন, মনোৰঞ্জন আদি বিভিন্ন ক্ষেত্ৰত বাধা আৰোপ কৰিছে। এইবাৰ ৰেষ্টুৰেণ্টখনত মহিলাৰ গতিবিধিও নিয়ন্ত্ৰিত হ’ল।