দেশৰ ৰাজধানী দিল্লীত ঘৰুৱা সহায়কে ১০ কোটি লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পশ্চিম দিল্লীৰ পাঞ্জাবী বাগ অঞ্চলত এই ঘটনা সংঘটিত হয় ৷ অৱশ্যে ঘটনাৰ পাছতে আৰক্ষীয়ে চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷ মালিকৰ ঘৰৰ পৰা ১০ কোটি টকাৰ নগদ ধন আৰু গহনা চুৰি কৰাৰ অভিযোগত আৰক্ষীয়ে ঘৰুৱা সহায়কজনৰ লগতে তেওঁৰ আত্মীয়ক গ্ৰেপ্তাৰ কৰিছে।অভিযুক্ত মোহন কুমাৰ (২৬) নামৰ বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ মতে, ৪ জুলাইত গৃহস্থ এক কার্যসুচীৰ বাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে আমেৰিকালৈ গৈছিল ৷ যোৱা পাঁচ বছৰে ঘৰুৱা সহায়ক হিচাপে কাম কৰি থকা কুমাৰক গৃহস্থই ঘৰৰ চাবি দি থৈ যায় ৷ ১৮ জুলাইত লোকজনৰ ঘৰত থকা তেওঁৰ আন এজন ঘৰুৱা সহায়কে জনাইছিল যে কুমাৰে তেওঁৰ ঘৰত চুৰি কৰি গাড়ী, নগদ ধন আৰু প্ৰায় ৮-১০ কোটিৰ গহনা লৈ যায় ৷ তদন্তৰ সময়ত আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ পৰা ফুটেজ পৰীক্ষা কৰে। এখন গাড়ীত ছুটকেছত চুৰি কৰা সামগ্ৰীসমূহ লৈ গৈছিল কুমাৰে ৷ গাড়ীখন ৰমেশ নগৰ মেট্ৰ’ ষ্টেচনলৈ লৈ যায় য’ত কুমাৰে গাড়ীখন এৰি থৈ যায় ৷
আৰক্ষীৰ এটা দলে বিহাৰলৈ গৈ দেওবাৰে শ্বেওহৰ জিলাৰ পৰা কুমাৰৰ এজন আত্মীয়ক আটক কৰে। তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ চুৰি গহনাসহ ৫,০৪,৯০০ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে। বাকী থকা চুৰি গহনা আৰু নগদ ধন উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি আৰক্ষীয়ে জনায়।