আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত জৰ্জিয়া ৰাজ্যৰ ফলাফল সলনি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে জৰ্জিয়াৰ ফুলটন কাউন্টিৰ গ্ৰেণ্ড জুৰীয়ে ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে। চাৰিটা দুৰ্নীতিৰ গোচৰত অভিযুক্ত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী। অৱশ্যে এই আদালতৰ ৰায়ৰ শুনানি গ্ৰহণ কৰি ট্ৰাম্পে বৈশিষ্ট্যপূৰ্ণভাৱে খাৰিজ কৰি কয়, “পৰৱৰ্তী নিৰ্বাচনৰ প্ৰচাৰ চমু চাপি আহিছে। গতিকে মোৰ বদনাম কৰিবলৈ বিৰোধী শিবিৰ উঠি পৰি লাগিছে । এই অভিযোগৰ কোনো ভিত্তি নাই।”
২০২০ চনত জৰ্জিয়া ৰাজ্যত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনৰ সৈতে ঘনিষ্ঠ যুঁজ হৈছিল। কেইবাদিনো পলমকৈ প্ৰকাশ পোৱা ফলাফল অনুসৰি বাইডেনে ১২ হাজাৰ ভোটত জয়লাভ কৰে। ইয়াৰ পিছতে ট্ৰাম্পে দাবী কৰিছে যে এই গণনাত ৰিগিং কৰা হৈছে। সোমবাৰে কাউণ্টাৰ ৰিগিঙৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় –“এইটো ডেৰ-দুবছৰ পুৰণি ঘটনা ৷ এতিয়া তাৰ পৰাই মোৰ নামত মিছা অভিযোগ উত্থাপন হৈছে। আৰু কিছুদিনৰ পিছত মই পৰৱৰ্তী নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিম। এইটো স্পষ্ট যে এই সকলোবোৰ গোচৰ মোৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ৰুজু কৰা হৈছে ।“
জৰ্জিয়াৰ আদালতত ট্ৰাম্পৰ বিৰুদ্ধে মুঠ ১৩টা অভিযোগ উত্থাপন কৰা হৈছে। সেইবোৰৰ ভিতৰত জৰ্জিয়াৰ গুণ্ডাগিৰি বিৰোধী ৰেকেটিং বিধি উলংঘা কৰা, ৰাজহুৱা বিষয়াৰ শপতনামা উলংঘা কৰা আৰু প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ কৰা আদি অন্যতম। ট্ৰাম্পৰ লগতে তেওঁৰ দুজন ঘনিষ্ঠ সহায়ক — তেতিয়াৰ হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী মাৰ্ক মিড’ছ আৰু ড’নাল্ড ট্ৰাম্পৰ অধিবক্তা ৰুডি জিউলিয়ানিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমেৰিকাৰ ন্যায় বিভাগৰ তেতিয়াৰ মুৰব্বী জেফ্ৰি ক্লাৰ্ককে ধৰি আন ১৬ জনৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন হৈছে।
এই গোচৰৰ মুখ্য ৰাজহুৱা অভিযুক্ত ফুলটন কাউন্টিৰ এটৰ্নী জেনেৰেল ফেনী উইলিছে দাবী কৰিছে যে ট্ৰাম্পে কৰা ফোন কলৰ ৰেকৰ্ডিং ফাদিল হোৱাৰ পিছত তেওঁলোকে অভিযুক্তসকলৰ তদন্ত আৰম্ভ কৰিছিল। তেওঁলোকৰ আটাইৰে আত্মসমর্পণৰ দিন অহা ২৫ আগষ্ট ধার্য কৰা হৈছে ৷