আজি ঘোষণা কৰা হৈছে সন্মানীয় সাহিত্য অকাডেমি বটাঁ ৷ অসমীয়া ভাষাত এই বটাঁ ড০ প্ৰণৱ জ্যোতি ডেকাৰ ‘শ্ৰেষ্ঠ গল্প’ নামৰ গ্ৰন্থখনৰ বাবে ডঃ প্ৰণৱজ্যোতি ডেকাক প্ৰদান কৰা হয় ৷ সাহিত্য অকাডেমীৰ সচিব ড০ কে. শ্ৰীনিবাসৰাওৱে নতুন দিল্লীৰ মণ্ডী হাউছৰ ৰবীন্দ্ৰ ভৱনত থকা সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয়ত বিভিন্ন ভাষাৰ বিজয়ীৰ নাম ঘোষণা কৰিছে। ২০২৪ চনৰ ১২ মাৰ্চত এই সন্মান প্ৰদান কৰা হ’ব।
উল্লেখ্য যে ২০২১ চনত প্ৰকাশ হৈছিল তেওঁৰ এই গল্প সংকলনখন। গ্ৰন্থখনৰ প্ৰকাশক আছিল বান্ধৱ প্ৰকাশন। এইখন গ্ৰন্থই ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল। তেখেতৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে সেয়েহে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প,বিহুৱতী চৰাই আৰু অন্য গল্প, আদি।
আনহাতে, পৰমেশ্বৰ আছে নাই, চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী আদি তেওঁৰ প্ৰৱন্ধ পুথি।
১৯৩৯ চনৰ ২১ জুলাইত প্ৰণৱ জ্যোতি ডেকাৰ কলকাতাত জন্ম হৈছিল ।তেওঁৰ পিতৃ আছিল প্ৰথমজন অসমীয়া বিচাৰপতি হলিৰাম ডেকা। গুৱাহাটীৰ ড’নবস্কৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁ ১৯৫৫ চনত। কটন কলেজ আৰু বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি অৰ্থনৈতিক ভূ-তত্ব বিষয়ত লেনিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডেকাই।
ইপিনে বড়ো ভাষাৰ বাবে নন্দেশ্বৰ দৈমাৰীলৈ চলিত বর্ষৰ সাহিত্য অকাডেমি বটাঁ প্ৰদান কৰা হৈছে ৷ জিউ সফৰনি দাখেন গ্ৰন্থৰ বাবে তেওঁল এই বটাঁ প্ৰদান কৰা হৈছে ৷