নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ সাংবিধানিক বৈধতা সম্পৰ্কে ৰুজু হোৱা গোচৰত শুনানী সম্পন্ন হৈছে উচ্চতম ন্যায়ালয়ত । এই গোচৰটোৰ মূল গোচৰীয়া সন্মিলিত মহাসংঘৰ কার্যকৰী সভাপতি মতিউৰ ৰহমানে আজি গুৱাহাটী প্ৰেছক্লাৱত এখন সংবাদমেলত কয় যে সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদ আদিয়ে অবৈধ বিদেশীৰ ৰক্ষক সকলৰ সুৰক্ষাৰ বাবে ছুপ্ৰিম কৰ্টত মহাসংঘৰ বিৰুদ্ধে যুঁজ দিছে । তাহানি বদন বৰফুকনে মান আনি নিজৰ দেশ ধ্বংস কৰাৰ দৰে । ভাৰতৰ আন কোনো ৰাজ্যত এনেদৰে অবৈধ বিদেশীৰ পক্ষ লৈ নিজৰ জাতি ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ উদাহৰণ পাবলৈ নাই । অবৈধ বিদেশীৰ হৈ ছুপ্ৰিম কৰ্টত মহাসংঘৰ বিৰুদ্ধে যুঁজ দিয়া পক্ষবোৰক পূৰ্ণ পৰ্যায়ত সমৰ্থন আগবঢ়াইছিল অসম সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি দল-সংগঠনবোৰে ।
তেওঁ কয় –“ দেশৰ সংবিধান অনুসৰি বিদেশীৰ ভিত্তি বছৰ ১৯৪৮ চনৰ ১৯ জুলাই । কিন্তু স্বাধীনতাৰ ৩ বছৰ পিছত ১৯৫১ত প্ৰথম লোক পিয়ল কৰা হেতু তথ্যৰ বাবে ১৯৫১ ভিত্তি বছৰ ধৰা হয় । ১৯৫১ৰ বিৰোধিতা কৰি অবৈধ বাঙালী (হিন্দু-মুছলমান) আৰু নেপালী ৭০/৮০ লাখ বিদেশীক অসমত ৰাখিবলৈ ১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তি বছৰ অসমত বাহাল ৰাখি খিলঞ্জীয়াৰ ভৱিষ্যত বংশধৰ সকলক নিশ্চিত ভাবে ধ্বংস কৰিবলৈকে যুঁজ দিয়া এই সংগঠনবোৰক অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহে আজিলৈকে চিনি নোপোৱাটো অতি পৰিতাপৰ কথা । এই সকলৰ বাবেই অসমীয়া-খিলঞ্জীয়াৰ ভয়ানক ক্ষতি হ’ব । ৰাইজেও এই ক্ষেত্ৰত কোনো জোৰদাৰ ভূমিকা পালন কৰিব নোৱাৰিলে । খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ নিজৰ ভুলৰ বাবেই ভৱিষ্যত বংশধৰ সকলৰ সুৰক্ষা অনিশ্চিত হৈ পৰিল ৷”
তেওঁ লগতে কয় –“অসম আন্দোলন হৈছিল ১৯৫১ৰ ভিত্তিত, কিন্তু আন্দোলনৰ নেতৃত্বই ভাৰত চৰকাৰৰ সৈতে “সমাধানৰ স্মাৰক পত্ৰ”(পিছত এইখনক অসম চুক্তি বুলি অভিহিত কৰিছিল) সম্পাদিত কৰি ১৯৫১ৰ পৰা ১৯৬৬লৈ অসমত অবৈধ ভাবে সোমোৱা বাঙালী ভাষী হিন্দু-মুছলমানৰ আৰু নেপালী বিদেশীক ভাৰতীয় নাগৰিক ৰূপে পৰিগণিত কৰিলে । আকৌ ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত পূৱ পাকিস্তানৰ পৰা অসমত সোমোৱা সকলো বিদেশীকো ভাৰতীয় নাগৰিক ৰূপে আদৰি ললে । এই সময়ত ১৭ হাজাৰ পূৱ পাকিস্তানীক নাগৰিকত্ব দিছে আৰু এই সকলৰ নাম পঞ্জীয়ন কৰা আছে বুলি ছুপ্ৰিম কৰ্টৰ শুনানীত ১২ ডিচেম্বৰত ছলিছিটিৰ জেনেৰেল তুষাৰ মেহতাই ছুপ্ৰিম কৰ্টত দিয়া শপতনামাত উল্লেখ কৰিছে ৷ কিন্তু ১৯৫১ ৰ পৰা ১৯৬৬ লৈ কিমান অবৈধ পূৱ পাকিস্তানী আৰু নেপালী বিদেশীক নাগৰিকত্ব দিলে তাৰ হিচাব চৰকাৰে দিব নোৱাৰিলে । এই অবৈধ বিদেশীৰ সংগঠনবোৰে আছু, অগপ, সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ পৰা পোৱা সহযোগিতাত উৎসাহিত হৈয়ে ছুপ্ৰিম কৰ্টত মহাসংঘৰ তথা খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ বিৰুদ্ধে থিয় দিবলৈ সাহস কৰিছে ৷”
মতিউৰ ৰহমানে কয় যে ১৯৫১ৰ পৰা ১৯৭১লৈ অবৈধ বিদেশীক ৰাখি খিলঞ্জীয়া জনগোষ্ঠী সমূহ কিদৰে সুৰক্ষিত হ’ব ? সেই কথা অসমৰ ৰাইজক আছু আৰু অগপই বুজাই দিয়া উচিত । উক্ত সময়ৰ বিদেশীবোৰ পূৱ পাকিস্তানৰ পৰা অসমলৈ অহা আৰু তেওঁলোকৰ পাকিস্তানৰ নাগৰিকত্ব আছে । আছু তথা এই সংগঠনবোৰে পূৱ পাকিস্তানী বিদেশীক নাগৰিকত্ব দিবলৈ ওকালতি কৰাৰ কাৰণ কি ? তেওঁলোক এই দল-সংগঠনবোৰৰ সম্বন্ধীয় লোক নেকি বিদেশীবোৰ বুলি প্ৰশ্ন উত্থাপন কৰে মহাসংঘই ।
আনহাতে অসম চৰকাৰেও অবৈধ বিদেশীৰ পক্ষ লৈ ১৯৭১ চনৰ ২৪ মাৰ্চলৈ পূৱ পাকিস্তানী আৰু নেপালী বিদেশী ৰখাৰ পক্ষতে মহাসংঘৰ গোচৰত ছুপ্ৰিম কৰ্টত শপতনামা দিছে । জনগণক বিভ্ৰান্ত কৰিবলৈহে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে ১৯৫১ সমৰ্থন কৰে বুলি কয় । সংবাদ মেলত, বাতৰি কাকতত, টেলিভিছন চেনেলত ১৯৫১ বিচাৰে বুলি মুখ্য মন্ত্ৰীয়ে কোৱা কথাৰ আইনী বৈধতা নাই বুলি মহাসংঘই স্পষ্ট ভাবে কয় । তেওঁ কয় –“ দেশৰ গৃহ মন্ত্ৰী প্ৰকাশ জয়ছোৱাল আৰু কিৰেণ ৰিজিজুৱে সংসদত অসমত থকা বিদেশীৰ সংখ্যা ৫০ ৰ পৰা ৮০ লাখ বুলি কোৱাৰ তথ্য আছে, তাৰ পিছটো বিদেশীৰ নিৰ্দিষ্ট তথ্য নাই বুলি ছলিছিটিৰ জেনেৰেলে ছুপ্ৰিম কৰ্টত কোৱা কথাটো অতি পৰিতাপৰ কথা আৰু গৰিহণা যোগ্য । অৰ্থাৎ সংবিধানৰ ৩৫৫ অনুচ্ছেদৰ অধীনত অসমক বিদেশী শত্ৰুৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ যিটো এৰাব নোৱাৰা দায়িত্ব আৰু কৰ্তব্য পালনৰ নিৰ্দেশ আছে সেয়া ভাৰত চৰকাৰে পালন নকৰে । “
মহাসংঘই আশা কৰে যে জানুৱাৰীৰ প্ৰথম সপ্তাহত বা মাঘ বিহুৰ পিছত ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ বিচাৰপীঠে ৰায় ঘোষণা কৰিব । ৰায় সংবিধানক সন্মান জনাই নাগৰিকত্ব আইনৰ ৬(ক) বাতিল কৰি সমগ্ৰ ভাৰতৰ সৈতে ১৯৫১ ভিত্তি বছৰ ৰূপে ঘোষণা কৰিব বুলি মহাসংঘ আশাবাদী বুলিও তেওঁ প্ৰকাশ কৰে ।