VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰত হিংসাৰ আঁৰত ড্ৰাগছ ব্যৱসায়,, জড়িত ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আত্মীয়: কাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

voicedesk by voicedesk
July 31, 2023
in মুখ্য সংবাদ
মণিপুৰত হিংসাৰ আঁৰত ড্ৰাগছ ব্যৱসায়,, জড়িত ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আত্মীয়: কাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুঠ ঘৰুৱা উৎপাদন প্ৰায় ৪৫ হাজাৰ কোটি টকা। আৰু মণিপুৰৰ পাহাৰত পপি অথবা আফিং খেতিৰ যি সমান্তৰাল অৰ্থনীতি চলি আছে তাৰ পৰিমাণ কিমান? ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেইসকলৰ  যৌথ মঞ্চত কোকোমিয়ে দাবী কৰিছে যে আফিং খেতিৰ মূল্য হ’ব প্ৰায় ৫০ হাজাৰ কোটি টকা। ৰাজ্যৰ জিডিপিতকৈও বেছি!

 

শেহতীয়াকৈ মণিপুৰত হিংসাত্মক ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন নথি দাখিল কৰিছে ‘মণিপুৰ ট্ৰাইবেলছ ফ’ৰাম, দিল্লী’-এ  । মঞ্চৰ মতে, যোৱা দশকত মণিপুৰৰ ড্ৰাগছ সৰবৰাহৰ ব্যৱসায় ‘অতি শক্তিশালী ড্ৰাগছ মাফিয়া’ৰ নিয়ন্ত্ৰণলৈ আহিছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা নথিখনত ​​দাবী কৰা হৈছে , ‘এই ড্ৰাগছ মাফিয়া বা তেওঁলোকৰ সম্প্ৰদায়ৰ নাম নিৰ্দিষ্ট কৰিব পাৰি। উদাহৰণ হিচাপে বৃহৎ পৰিসৰৰ ড্ৰাগছ মাফিয়া মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আত্মীয়। আন এটা বৃহৎ পৰিসৰৰ ড্ৰাগছ মাফিয়া বৰ্তমানৰ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আত্মীয়।“

 

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে জনোৱা মতে, বিগত তিনিমাহ ধৰি মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ লগতে হিংসাত্মক পৰিস্থিতিৰ আঁৰৰ আন কেইবাটাও কাৰকে ৰাজ্যখনৰ ড্ৰাগছ মাফিয়াৰ স্পষ্ট সমৰ্থন লাভ কৰা বুলি ধাৰণা কৰা হৈছে। চোৰাংচোৱা বিষয়াৰ মতে মণিপুৰ আৰু উত্তৰ-পূবৰ অধিকাংশ উগ্ৰপন্থী সংগঠন এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ৷উগ্ৰপন্থীৰ উপাৰ্জনৰ মূল উৎস হৈছে ড্ৰাগছ সৰবৰাহৰ। আৰু ড্ৰাগছ সৰবৰাহৰ পথত উগ্ৰপন্থীৰ বাবে অস্ত্ৰ-শস্ত্ৰও সৰবৰাহ কৰা হয়। কিছু মাহ পূৰ্বে মণিপুৰত আৰম্ভ হৈছিল অবৈধ আফিং খেতিৰ বিৰুদ্ধে অভিযান ৷ আফিং খেতি আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত সকলো পক্ষৰ স্বাৰ্থত আঘাত হানিছে, ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি উগ্ৰপন্থীলৈকে। তাৰ বাবেই হিংসা বিয়পি পৰিল। যিটো এতিয়া সংখ্যাগৰিষ্ঠ মেইটেই বনাম সংখ্যালঘু কুকিৰ মাজত সংঘৰ্ষত পৰিণত হৈছে।

 

আফিঙৰ পৰা উচ্চমানৰ হেৰ’ইন তৈয়াৰ কৰা হয়। চোৰাংচোৱা বিষয়াসকলে কয় যে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ “সোণালী ত্ৰিভুজ” থাইলেণ্ড-কম্বোডিয়া-লাওছৰ পৰা আঁতৰি যোৱাৰ পিছত ম্যানমাৰত ক্ৰমান্বয়ে শিপাইছে ড্ৰাগছ ব্যৱসায়। তাত থকা চৰকাৰ আৰু সেনাই বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিছে। কিন্তু তেওঁলোকক শান্ত কৰি ৰাখিবলৈ  তেওঁলোকক ড্ৰাগছৰ খেতি কৰাৰ সুযোগ দিছিল।

 

এই অঞ্চলৰ উগ্ৰপন্থী ম্যানমাৰৰ উগ্ৰপন্থীৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শত আছে। সেয়েহে মণিপুৰ ম্যানমাৰৰ পৰা ভাৰতলৈ ড্ৰাগছ সৰবৰাহৰ বাবে এক আদৰ্শ অঞ্চলত পৰিণত হৈছে। দেশৰ হেৰ’ইনৰ ৰাজধানী হৈ পৰিছে মণিপুৰ। সীমান্তৱৰ্তী গাঁৱত কুটিৰ উদ্যোগৰ দৰে ঘৰতে বনোৱা হৈছে ড্ৰাগছৰ কাৰখানা। পৰিস্থিতি এনেকুৱা যে গাঁৱৰ মানুহে শস্যৰ খেতি বন্ধ কৰি আফিং খেতি কৰিবলৈ লৈছে ৷

 

কাৰণ এক হেক্টৰ মাটিত ধানৰ খেতি কৰিলে ১ লাখ টকা লাভ কৰে ৷তাত পপি খেতি কৰিলে ৬-৭ লাখ টকা পোৱা যায়।

নিৰাপত্তাৰক্ষীৰ ড্ৰ’ন ফুটেজত ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰত পাহাৰৰ পিছত পাহাৰত পপি খেতি চলি থকা দেখা গৈছে। মণিপুৰৰ নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী অধীক্ষক কে মেঘচন্দ্ৰ সিঙে কয় যে ২০১৭ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰাজ্যখনৰ ১৫ হাজাৰ একৰতকৈ অধিক মাটিত পপি খেতি চিনাক্ত কৰা হৈছে।

 

চৰকাৰী পৰিসংখ্যা অনুসৰি কুকি অঞ্চলত প্ৰায় ১৩ হাজাৰ একৰ মাটি আছে। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি কুকিছৰ মাটিত ড্ৰাগছৰ কেঁচামালৰ খেতি কৰা হয় যদিও ড্ৰাগছ বনোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা বেছিভাগ লোকেই মেইটেই। ২০১৭ চনৰ পৰা ২০২৩ চনলৈ ৰাজ্যত জব্দ হৈছে ৭৮৮৩ কোটি টকাৰ ড্ৰাগছ।

 

এক সূত্ৰৰ মতে কুকি অঞ্চলত ড্ৰাগছৰ খেতি কৰা হয়, মেইটেই অঞ্চলত ইয়াৰ পৰা ড্ৰাগছ প্ৰস্তুত কৰা হয় আৰু সৰবৰাহৰ নিয়ন্ত্ৰণ পুনৰ কুকিৰ হাতলৈ যায় । মুঠতে এটা ডাঙৰ চক্ৰ অব্যাহত আছে ।বীৰেণৰ সমালোচকসকলে কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে ড্ৰাগছৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে।

 

দিল্লীৰ মণিপুৰ ট্ৰাইবেলছ ফ’ৰামে উচ্চতম ন্যায়ালয়ত কয় যে থৌবাল জিলাৰ ড্ৰাগছ মাফিয়াৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা প্ৰাক্তন ৰাজ্যিক আৰক্ষী এ এছ পি বৃন্দা থাউনাজমক বোমালে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী বীৰেনে এই ঘটনাৰ অভিযোগনামা ফ্ৰেমৱৰ্ক নকৰিবলৈ হেঁচা প্ৰয়োগ কৰে। বৃন্দাৰ প্ৰতিবেদন সন্দৰ্ভত তদন্তৰ দাবী জনাইছে মঞ্চই।

 

আনহাতে, বীৰেনৰ ঘনিষ্ঠ শিবিৰে প্ৰতিহত কৰি কয় যে ড্ৰাগছৰ ব্যৱসায় ব্যাহত হ’লে কুকি উগ্ৰপন্থী সংগঠনে হিংসাত্মক কাৰ্যকলাপ চলাব বুলি আশংকা কৰা হৈছে ৷

 

সেয়েহে ৰাজ্য চৰকাৰে পূৰ্বে কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। যাতে প্ৰয়োজন সাপেক্ষে নিৰাপত্তা বাহিনীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু বীৰেনৰ তীব্ৰ অনুৰোধৰ পিছতো কেন্দ্ৰৰ মোডী চৰকাৰে এই পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সন্মত নহ’ল। যাৰ ফলত এতিয়া হিংসা নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে ৷

Previous Post

এইবাৰ আফগানিস্তানত নিষিদ্ধ সংগীত, তালিবানে জ্বলাই দিলে বাদ্যযন্ত্ৰ

Next Post

আন দেশৰ আই পি এলৰ চেম্পিয়ন আম্বানীৰ মুম্বাই, ফাইনেলত ৫৫টা বলত ১৩৭ ৰানৰ অধিনায়কৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আন দেশৰ আই পি এলৰ চেম্পিয়ন আম্বানীৰ মুম্বাই,  ফাইনেলত ৫৫টা বলত ১৩৭ ৰানৰ অধিনায়কৰ

আন দেশৰ আই পি এলৰ চেম্পিয়ন আম্বানীৰ মুম্বাই, ফাইনেলত ৫৫টা বলত ১৩৭ ৰানৰ অধিনায়কৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7