সোমবাৰে সন্ধিয়াৰ পৰা ৩.৮ ৰ পৰা ৫ প্ৰাবল্যৰ কেইবাটাও সৰু ভূমিকম্পই জোকাৰি গৈছে আন্দামান আৰু নিকোবৰ দ্বীপসমূহক ৷নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ তথ্য অনুসৰি আজিও আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কেইবাটাও ভূমিকম্প সংঘটিত হয়।
এনচিএছৰ তথ্যঅনুসৰি, যোৱা নিশা কম সময়ৰ ব্যৱধানত দ্বীপসমূহত ভূমিকম্প সংঘটিত হৈছিল।
আনহাতে পুৱা প্ৰায় ৫.৫৭ বজাত, ৰিখটাৰ স্কেলত ৫.০ প্ৰাবল্যৰ আটাইতকৈ শক্তিশালী কম্পনটো পোৰ্ট ব্লেয়াৰত সংঘটিত হৈছিল যাৰ কেন্দ্ৰস্থল আছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰৰ ২১৫ কিলোমিটাৰ ইএছই।
ইফালে, পোৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ১৮৭ কিলোমিটাৰ দক্ষিণ-পূবত ৪.৩ ৰিখটাৰ স্কেলৰ শেহতীয়া ভূমিকম্পটো আজি পুৱা প্ৰায় ৮.৫ বজাত সংঘটিত হৈছিল । ভূমিকম্পটোৰ গভীৰতা আছিল ৩০ কিলোমিটাৰ।এনচিএছে ইতিমধ্যে টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰিছে ৷
Earthquake of Magnitude:4.3, Occurred on 05-07-2022, 08:05:04 IST, Lat: 10.27 & Long: 93.75, Depth: 30 Km ,Location: 187km SE of Portblair, Andaman and Nicobar island, India for more information download the BhooKamp App https://t.co/9WVfnJYuFb pic.twitter.com/EijFBDqp0c
— National Center for Seismology (@NCS_Earthquake) July 5, 2022