দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিৰ দ্বিতীয়খন অতিৰিক্ত অভিযোগনামাত ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাৰ নাম সন্নিৱিষ্ট কৰা হৈছে । কেন্দ্ৰীয় সংস্থাটোৰ মতে, বৰ্তমান কাৰাগাৰত বন্দী দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ প্ৰাক্তন সচিব চি অৰবিন্দে ৰাঘৱৰ নাম জানিবলৈ দিছে ।
ইডিৰ সূত্ৰ অনুসৰি ছিছোডিয়াৰ ঘৰত আবকাৰী নীতিৰ ওপৰত এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত উপস্থিত আছিল আপৰ এই যুৱ নেতা গৰাকী। অৰবিন্দে তদন্তকাৰীক জনোৱা মতে, আবকাৰী দুৰ্নীতিৰ গোচৰৰ অভিযুক্ত আৰু এই গোচৰত প্ৰথম গ্ৰেপ্তাৰ হোৱা পঞ্জাৱৰ আবকাৰী আয়ুক্ত বৰুণ ৰুজাম, বিজয় নাইৰ আৰু পঞ্জাৱ আবকাৰী সঞ্চালকালয়ৰ আন কেইবাজনো বিষয়া সেই বৈঠকত উপস্থিত আছিল। ইয়াৰ পিছতে তদন্তকাৰী সংস্থাটোৱে অতিৰিক্ত অভিযোগনামাত ৰাঘৱৰ নাম উল্লেখ কৰে। ইয়াৰ উত্তৰত ৰাঘৱে দাবী কৰে যে ইডিৰ অভিযোগনামাত অভিযুক্ত হিচাপে তেওঁৰ নাম উল্লেখ কৰা হোৱা নাই।
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে আবকাৰী দুৰ্নীতিৰ গোচৰৰ তদন্তকাৰী কেন্দ্ৰীয় সংস্থাটোৱে চিবিআই আদালতত দাখিল কৰা অতিৰিক্ত অভিযোগনামাত ছিছোডিয়াৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। চিবিআইয়ে যোৱা ফেব্ৰুৱাৰী মাহত ছিছোডিয়াক গ্ৰেপ্তাৰ কৰিছিল। আঠ ঘণ্টাৰ জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ অধীনত ২০২১-২২ বিত্তীয় বৰ্ষত সুৰা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ দিয়াৰ বিনিময়ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল । কিন্তু আপে এই অভিযোগ আৰম্ভণিৰে পৰা নাকচ কৰিছিল। তেওঁলোকৰ এয়া ৰাজনৈতিক প্ৰতিশোধ বুলি অভিহিত কৰিছে । এই গোচৰৰ আৰ্থিক দুৰ্নীতিৰ তদন্ত অব্যাহত ৰাখিছে ইডিয়ে।