VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মোদীক লৈ তথ্যচিত্ৰ নির্মাণ কৰি পুনৰ বিপদত বিবিচি, বৈদেশিক মুদ্ৰা আইন উলংঘাৰ গোচৰ ৰুজু ইডিৰ

voicedesk by voicedesk
April 13, 2023
in মুখ্য সংবাদ
মোদীক লৈ তথ্যচিত্ৰ নির্মাণ কৰি পুনৰ বিপদত বিবিচি, বৈদেশিক মুদ্ৰা আইন উলংঘাৰ গোচৰ ৰুজু ইডিৰ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

 

বৈদেশিক মুদ্ৰা আইন উলংঘা কৰাৰ অভিযোগত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন (বিবিচি)ৰ বিৰুদ্ধে এনফর্চমেণ্ট সঞ্চালকালয়ে গোচৰ ৰুজু কৰিছে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি দুসপ্তাহ পূৰ্বে ইডিয়ে এই গোচৰ ৰুজু কৰিছিল। ইফালে, সংবাদ প্ৰতিষ্ঠানটোৰ ভাৰতীয় শাখাৰ এজন সঞ্চালককে ধৰি ছয়জন কর্মচাৰীকো জেৰা কৰিছে ইডিয়ে।

 

যোৱা ১৭ জানুৱাৰীত বিবিচিয়ে মুখ্যমন্ত্ৰী হিচাপে কার্যনিবাহ কৰি থকাৰ সময়ত গুজৰাটৰ হিংসাত্মক ঘটনাত নৰেন্দ্ৰ মোদীৰ ভূমিকাক লৈ দুটা খণ্ডৰ তথ্যচিত্ৰ ‘ভাৰতঃ মোদী কুৱেশ্বন’ প্ৰচাৰ কৰিছিল। ইয়াৰ বিৰুদ্ধে আপত্তি জনাই মোদী চৰকাৰে ২০ জানুৱাৰীত তথ্যচিত্ৰখনৰ প্ৰথম খণ্ডটো দেশত নিষিদ্ধ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত দাবী কৰিছে যে এই তথ্যচিত্ৰখন ইচ্ছাকৃতভাৱে মোদীৰ চৰিত্ৰক বদনাম কৰিবলৈ নিৰ্মাণ কৰা হৈছে। প্ৰসংগক্ৰমে ফেব্ৰুৱাৰী মাহত আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত মাৰাথন অভিযান চলাইছিল। কোৱা হয় যে তেওঁলোকে আয়কৰ সম্পৰ্কীয় বিভিন্ন অনিয়ম বিচাৰি পাইছে। আয়কৰ বিভাগে অৱশ্যে ইয়াক অভিযান বুলি অভিহিত কৰা নাছিল। আয়কৰ বিষয়াসকলে দাবী কৰে যে তেওঁলোকে ‘তদন্ত’ কৰিবলৈ বিবিচিৰ কাৰ্যালয়লৈ গৈছিল। এইবাৰ বৈদেশিক মুদ্ৰাৰ সৈতে জড়িত আইন উলংঘা কৰাৰ অভিযোগত ইডিয়ে বিবিচিৰ বিৰুদ্ধে গোচৰ তৰিছে বুলি জানিব পৰা গৈছে।

 

সূত্ৰ অনুসৰি বিবিচি ইণ্ডিয়াই বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা) উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইডিয়ে। ইডিৰ তদন্তকাৰীয়ে বিশ্বাস কৰে যে বিবিচিত প্ৰত্যক্ষ বিদেশী বিনিয়োগ অনিয়মিত। ইয়াৰ সন্দৰ্ভত নথি-পত্ৰ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় সংস্থাটোৱে কোম্পানীটোৰ বিষয়াসকলৰ বক্তব্যও লিপিবদ্ধ কৰিব বিচাৰিছে।

 

গুজৰাটৰ হিংসাৰ ওপৰত বিবিচিৰ তথ্যচিত্ৰত তদানীন্তন মুখ্যমন্ত্ৰী মোদীক যিদৰে চিত্ৰিত কৰা হৈছে, তাৰ লগত বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰ একমত নহয়। এই তথ্যচিত্ৰখনৰ প্ৰথম খণ্ডটো দেশত নিষিদ্ধ কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে টুইটাৰ, ইউটিউবক এই তথ্যচিত্ৰখন প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷বিবিচিৰ তথ্যচিত্ৰখন দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হয়। কাকতলীয়াকৈ ক’বলৈ গ’লে ইয়াৰ পিছতেই আয়কৰ বিষয়াসকলে বিবিচিৰ কাৰ্যালয়ত অভিযান চলায়।

Previous Post

নতুন ক্লাবলৈ অহাৰ পিছতো প্ৰশিক্ষকৰে মনোমালিন্য ৰোনাল্ডোৰ

Next Post

মৃত্যুৰ পিছতো ‘জীৱন’

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মৃত্যুৰ পিছতো ‘জীৱন’

মৃত্যুৰ পিছতো ‘জীৱন’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7