ছুৰাটৰ এম্ব্ৰয়ডাৰী মেচিনৰ ব্যৱসায় চলাই থকা এক ব্যৱসায়ীক প্ৰতিষ্ঠান এলায়েন্স গ্ৰুপে তেওঁলোকৰ ৩৫ গৰাকী কৰ্মচাৰীক পোহৰৰ উৎসৱ দেৱালী উপলক্ষে উপহাৰ দিলে বৈদ্যুতিক স্কুটাৰ৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰতিষ্ঠানটোৱে উপহাৰ দিয়া অকিনাৱা প্ৰেইজ প্ৰ’ স্কুটাৰ সমূহৰ প্ৰতি খনৰ মূল্য ৭৬,৮৪৮টকা ৷
এই সন্দৰ্ভত এলায়েঞ্চ গ্ৰুপৰ সঞ্চালক সুভাষ ডাৱাৰে কয় যে, ‘বিগত সময়ছোৱাত ইন্ধনৰ মূল্যবৃদ্ধিৰ লগতে আন বিভিন্ন দিশৰ প্ৰতি লক্ষ ৰাখি আমি কৰ্মচাৰী সকলক বৈদ্যুতিক স্কুটাৰ উপহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷ইন্ধনৰ মূল্যবৃদ্ধিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বাবেও প্ৰত্যাহবান হিচাপে থি্য় দিছে৷ অমাৰ এনে পদক্ষেপে ইন্ধন ৰাহি কৰাৰ লগতে পৰিবেশ সুৰক্ষাতো অৰিহণা যোগাব৷