দেশৰ ছবিজগতলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা কিংবদন্তী বাংলা চলচ্চিত্ৰ পৰিচালক তৰুণ মজুমদাৰ আৰু নাই ৷ সোমবাৰে পুৱা কলকাতাৰ এখন চৰকাৰী চিকিৎসালয়ত বিশিষ্ট বাংলা চলচ্চিত্ৰ পৰিচালকগৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ ।
দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল ৷ যোৱা ১৪ জুনত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।শনিবাৰে নিশা তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক ভেণ্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰা হয় । আজি পুৱা প্ৰায় ১১:১৫ বজাত তেওঁৰ মৃত্যু হয়।১৯৯০ চনত পদ্মশ্ৰী সন্মান লাভ কৰা মজুমদাৰে চাৰিবাৰ ৰাষ্ট্ৰীয় বঁটা আৰু পাঁচবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল ৷ ২০২১ চনত তেওঁক জীৱনজোৰা সাধনা বটাঁৰেও সন্মানিত কৰা হয় ৷
মধ্যবিত্ত পৰিয়ালৰ জীৱনক আলোকপাত কৰা মর্মস্পর্শী কাহিনীৰ আধাৰত চিনেমা নিৰ্মাণৰ বাবে পৰিচিত আছিল তৰুণ মজুমদাৰ ৷ স্মৃতি টুকু ঠাক (১৯৬০), পলাতক (১৯৬৩), কুহেলী (১৯৭১), শ্ৰীমান পৃথ্বীৰাজ (১৯৭২), বালিকা বধু (১৯৭৬), গণদেৱতা (১৯৭৮) আৰু দাদাৰ কীৰ্তি (১৯৮০) আদি চলচ্চিত্ৰৰ বাবে তেওঁ বিশেষভাৱে সুখ্যাতি অর্জন কৰিছিল ৷