হিৰ’ মটোকৰ্পৰ অধ্যক্ষ পৱন মুঞ্জালৰ কার্যালয় আৰু বাসগৃহত আজি অভিযান চলাই আয়কৰ বিভাগে ৷ মুঞ্জালৰ উপৰি কোম্পানীৰ অন্যান্য শীৰ্ষ বিষয়াসকলৰ সম্পত্তি আৰু কাৰ্যালয়সমূহত কৰ ফাঁকি দিয়াৰ অভিযোগত আয়কৰ বিভাগে তালাচী চলায় ৷ পৱন মুঞ্জালৰ বাসগৃহৰ লগতে হাৰিয়ানা, দিল্লীৰ গুৰুগ্ৰাম আৰু আন কেইবাখনো চহৰত থকা কাৰ্যালয়ত তালাচী চলোৱা হৈছে ৷ মুঞ্জাল আৰু তেওঁৰ বিষয়াবর্গৰ দুই ডজনৰো অধিক স্থানত তালাচী চলায় আয়কৰে জব্দ কৰিছে গুৰুত্বপূর্ণ নথি-পত্ৰ ৷
বিভাগটোৰ বিষয়াসকলৰ এটা দলে কোম্পানী আৰু বিষয়াসকলৰ বিত্তীয় নথিপত্ৰ আৰু অন্যান্য ব্যৱসায়িক লেনদেনৰ নথি পৰীক্ষা কৰে ৷ হিৰো মটোকৰ্পে এতিয়াও এই অভিযানৰ ওপৰত আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ পৱন মুঞ্জালৰ কোম্পানীটোৰ ব্যৱসায় এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আৰু মধ্য আমেৰিকাৰ ৪০ খন দেশলৈ সম্প্ৰসাৰিত হৈ আছে ৷