প্ৰথম ভূমিকম্পৰ পিছৰে পৰা ১০০ বাৰতকৈও অধিক সৰু সৰু ভূমিকম্পই জোকাৰি গৈছে তুৰস্ক। যাক ‘আফটাৰশ্বক’ বুলি কোৱা হয়। প্ৰথমটো কম্পন ৰিখটাৰ স্কেলত ৭.৮ আছিল। ভূতত্ত্ববিদসকলৰ মতে, এটা বৃহৎ ভূমিকম্পৰ পিছত সাধাৰণতে কেইবাটাও আফটাৰশ্বক হয়। সেই কম্পনে কেতিয়াবা মূল ভূমিকম্পৰ তীব্ৰতা অতিক্ৰম কৰিব পাৰে।
প্ৰথমটো ভূমিকম্পৰ কেইঘণ্টামানৰ ভিতৰতে তুৰস্কত এশৰো অধিক আফটাৰশ্বকে আঘাত কৰে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি প্ৰথমটো কম্পনৰ ৩৬ ঘণ্টাৰ ভিতৰতে এই অঞ্চলত ১০০টাতকৈও অধিক আফটাৰশ্বক সংঘটিত হয়। প্ৰথম কঁপনিৰ ১১ মিনিটৰ পিছত দ্বিতীয়টো কঁপনি অনুভূত হয় । ৰিখটাৰ স্কেলত যাৰ তীব্ৰতা আছিল ৬.৭। প্ৰথম কম্পনৰ ৯ ঘণ্টাৰ ভিতৰত তৃতীয় ভূমিকম্পৰ জোকৰণি অনুভূত হয়। তীব্ৰতা আছিল ৭.৫। কেইঘণ্টামানৰ পিছত চতুৰ্থটো কঁপনি আহিল। তীব্ৰতা আছিল ৫.৯। ইয়াৰ পিছত তুৰস্ক কেইবাটাও ভূমিকম্পৰ জোকৰণিত কঁপি উঠে। ইয়াৰে ৩০টা আফটাৰশ্বকৰ তীব্ৰতা ৪টাতকৈ অধিক আছিল।
ভূতত্ত্ববিদসকলৰ মতে বৃহৎ ভূমিকম্পৰ পিছত হোৱা আফটাৰশ্বকবোৰ ঘণ্টাৰ পিছত ঘণ্টা বা আনকি দিনলৈকে থাকিব পাৰে। এই আফটাৰশ্বকে ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। তুৰস্কত ৭.৫ প্ৰাবল্যৰ আফটাৰশ্বক আছিল ১০ কিলোমিটাৰ তলত। য’ত মূল ভূমিকম্পৰ উৎস আছিল ভূপৃষ্ঠৰ পৰা ১৭.৯ কিলোমিটাৰ তলত। ভূতত্ত্ববিদসকলেও কয় যে মূল জোকাৰণিৰ পিছত ‘আফটাৰশ্বক’ আহে। একেটা স্থানতে একাধিকবাৰ আফটাৰশ্বক হয়। প্ৰকৃতিয়ে সদায় সমতা বজাই ৰাখিবলৈ চেষ্টা কৰে। ভূমিকম্পই সেই ভাৰসাম্যতাক প্ৰভাৱিত কৰে। গতিকে মূল জোকাৰণিৰ পিছত টেকটনিক প্লেটবোৰে পুনৰ ঠাইলৈ যাবলৈ চেষ্টা কৰিলে আফটাৰশ্বক হয়।
আমাৰ বহুতেই আফটাৰশ্বকৰ বিষয়ে জানে । কিন্তু ‘ফ’ৰশ্বক’ও আছে। এই ফ’ৰশ্বকটো কি? এই ফ’ৰশ্বক ক’ৰবাত ডাঙৰ ভূমিকম্প হোৱাৰ আগতেই হয়। কিন্তু কোনো বৃহৎ ভূমিকম্প নহালৈকে এই পূৰ্বশ্বক চিনাক্ত কৰিব নোৱাৰি।ভূতত্ত্ববিদসকলৰ মতে তুৰস্কৰ ভৌগোলিক অৱস্থান এনেকুৱা যে ইয়াত ভূমিকম্প অস্বাভাৱিক নহয়। কিন্তু এই দেশত অতীতত ইমান বৃহৎ ভূমিকম্পৰ কোনো তথ্য পোৱা নাযায়৷ ভৌগোলিক অৱস্থানৰ বাবে তুৰস্কই সঘনাই ভূমিকম্পৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁলোকৰ মতে তুৰস্কৰ বেছিভাগ অঞ্চল আনাতোলিয়াৰ প্লেটত অৱস্থিত ৷ এই প্লেটখনত দুটা ডাঙৰ ফল্ট লাইন আছে। য’ত উত্তৰ আনাতোলিয়াৰ ফল্ট লাইন দেশৰ পশ্চিম অংশৰ পৰা পূব অংশলৈকে বিস্তৃত। আনটো হৈছে ইষ্ট আনাতোলিয়ান ফল্ট। যিটো তুৰস্কৰ পূব অংশত আছে।
তুৰস্কৰ ভূমিকম্পত এতিয়ালৈকে ৮ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। আহতসকলৰ সংখ্যা কিমান স্পষ্ট কৰিব পৰা নাই প্ৰশাসনে। এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । অৱশ্যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি প্ৰশাসনে আশংকা কৰিছে।