চাকৰিৰ বিনিময়ত মাটি উৎকোচ লোৱা গোচৰটোত আৰজেডি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ দিল্লীৰ ঘৰকে ধৰি ১৫টা ঠিকনাত বলবৎকাৰী সঞ্চালকাল(ইডি)-এ তালাচী চলায়। এই সপ্তাহত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ আৰু তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীক এই গোচৰত চিবিআইয়ে জেৰা কৰিছিল। লালু আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীৰ কেইবাটাও ঠিকনাও তালাচী চলোৱা হয়। এইবাৰ আন এটা কেন্দ্ৰীয় সংস্থা ইডিয়ে ‘টাৰ্গেট’ কৰিছে লালু-ৰাবৰীৰ পুত্ৰ তেজস্বীক।
২৭ ফেব্ৰুৱাৰীত দিল্লীৰ ৰাউজ এভিনিউ আদালতে ‘মাটিৰ বিনিময়ত চাকৰি’ গোচৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ, তেওঁৰ পত্নী আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীকে ধৰি ১৬জন অভিযুক্তৰ বিৰুদ্ধে চমন জাৰি কৰিছিল। চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত অহা ১৫ মাৰ্চৰ ভিতৰত চমনৰ উত্তৰ প্ৰদান কৰিব লাগিব ৷ ইয়াৰ পিছত চিবিআই আৰু ইডিয়ে নতুন কৈ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই গোচৰত যোৱা মঙলবাৰে অসুস্থ লালু আৰু তেওঁৰ কন্যা মিছাক চিবিআইয়ে ৫ ঘণ্টা ধৰি জেৰা কৰিছিল। সোমবাৰে পাটনাত ৰাবৰি দেৱীক সোধা-পোছা কৰা হয়। দেওবাৰে ৰাবৰিৰ পুত্ৰ তেজস্বীকে ধৰি ৯জন বিৰোধী নেতাই চিবিআই আৰু ইডিৰ দৰে সংস্থাৰ অপব্যৱহাৰৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ লিখিছিল। প্ৰসংগক্ৰমে তাৰ পিছতেই চিবিআইয়ে ৰাবৰিৰ ঘৰত অভিযান চলায়।
প্ৰসংগক্ৰমে প্ৰথম ইউ পি এ চৰকাৰত (২০০৪-০৯) লালু ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত বহু বিহাৰৰ যুৱকক ভূমিৰ বিনিময়ত ৰে’লৱেত ‘গ্ৰুপ ডি’ পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাত লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমাও অভিযুক্ত। বিগত বৰ্ষৰ ২০ মে’ত চিবিআইয়ে এই ঘটনাৰ তদন্তৰ বাবে দিল্লীৰ পাটনাকে ধৰি দেশৰ মুঠ ১৫টা স্থানত তালাচী অভিযান চলাইছিল। ইয়াৰ পিছত আগষ্ট মাহত কেইবাজনো আৰজেডি নেতাৰ ঘৰত অভিযান চলাইছিল।
২২ অক্টোবৰত চিবিআইয়ে লালুপ্ৰসাদ যাদৱৰ বিৰুদ্ধে ‘চাকৰিৰ সলনি মাটি’ দুৰ্নীতিৰ গোচৰত অভিযোগনামা দাখিল কৰিছিল। কেৱল লালু প্ৰসাদেই নহয়, লালুৰ পত্নী ৰাবৰি দেৱী, লালুৰ দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱৰ নাম চাৰ্জ শ্বীটত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও চাৰ্জ শ্বীটত আৰু ১২ জন লোকৰ নাম উল্লেখ কৰা হৈছে। লালু প্ৰসাদ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত মুম্বাই, জবালপুৰ, কলকাতাকে ধৰি বিভিন্ন ৰে’ল জ’নত বিভিন্ন ‘অযোগ্য’ লোকক চাকৰি দিয়া হৈছিল বুলি চিবিআইয়ে দাবী কৰি আহিছে । অবৈধ উপায়েৰে চাকৰি পোৱাৰ বিনিময়ত লালুৰ পৰিয়াল আৰু ঘনিষ্ঠ নেতাই চাকৰি প্ৰত্যাশীসকলৰ পৰা বিপুল ধন বা মাটি উৎকোচ হিচাপে লৈছিল বুলিও অভিযোগ কৰি আহিছে ৷