কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰক মোবাইল ফোন আৰু নিষিদ্ধ সামগ্ৰী যোগান ধৰাৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ হয় ফিৰোজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ উপ অধীক্ষক গুৰচৰণ সিং ।
ফিৰোজপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ লাম্বাই কয় যে গুৰচৰণ সিঙে আন জেলৰ কৰ্মচাৰীৰ সৈতে মিলি গেংষ্টাৰ আৰু সন্ত্ৰাসবাদীকে ধৰি কয়দীৰ বাবে মোবাইল ফোন আৰু ড্ৰাগছ সৰবৰাহ কৰাৰ খবৰ তেওঁলোকে লাভ কৰিছিল ৷ জানিব পৰা মতে প্ৰায় এমাহ পূৰ্বে তেওঁ জেলৰ উচ্চ নিৰাপত্তা মণ্ডলত থকা সন্ত্ৰাসবাদী, গেংষ্টাৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীক ধনৰ বিনিময়ত পাঁচটা মোবাইল ফোন যোগান ধৰিছিল।
উপ-অধীক্ষকগৰাকীৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ ২৩/২৯ ধাৰা, ভাৰতীয় দণ্ডবিধিৰ ১২০-বি ধাৰা আৰু কাৰাগাৰ আইনৰ ৪২ নং ধাৰাৰ উপৰিও দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭/৮ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
বিগত দুবছৰত ফিৰোজপুৰ কাৰাগাৰৰ পৰা ৫০০ৰো অধিক ফোন উদ্ধাৰ হোৱাত কাৰাগাৰৰ নিৰাপত্তাত থকা গাফিলতি উন্মোচিত হৈছে। ২০২১ চনত জেলৰ বন্দীসকলৰ পৰা প্ৰায় ৩০০টা ফোন উদ্ধাৰ কৰা হৈছিল। ইয়াৰ উপৰিও জনবসতিপূৰ্ণ অঞ্চলত অৱস্থিত কাৰাগাৰ চৌহদত নিষিদ্ধ সামগ্ৰীৰ পেকেট নিক্ষেপ কৰাৰ ঘটনা নিয়মীয়াকৈ সংঘটিত হৈ আহিছে ৷
২৯ মে’ত মানছা জিলাত পাঞ্জাবী গায়ক সিদ্ধু মুছ ৱালাৰ হত্যাকাণ্ডৰ পিছত প্ৰডাকচন ৱাৰেণ্টত অনা গেংষ্টাৰ মনপ্ৰীত সিং ওৰফে মান্নাৰ পৰা মোবাইল ফোন জব্দ কৰা হৈছিল ৷ মান্নাই গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ সৈতে এই ফোনেৰে যোগাযোগ কৰিছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল