নলবাৰী জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত আজি এটা ফিল্ম ক্লাবৰ আৰম্ভণি কৰা হয়৷ বিশ্ব সংবাদ কেন্দ্র, অসমৰ অধীনৰ চিনেমা চৰ্চাকাৰী সংগঠন ‘চলচ্ছিত্ৰম’এ যোৱা জানুৱাৰী মাহত আয়োজন কৰা ফিল্ম মহোৎসৱ আৰু প্ৰতিযোগিতাত সন্মান অৰ্জন কৰা কেইবাখনো অসমীয়া আৰু মণিপুৰী ছবি প্ৰদৰ্শন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গাৰ্গী চক্ৰবৰ্তীৰ সভাপতিত্বত আয়োজিত এখন সভাত চলচ্ছিত্ৰমৰ অধ্যক্ষ উৎপল দত্ত আৰু ন্যাসৰক্ষী কিশোৰ শিৱমে অংশগ্ৰহন কৰে৷ ভাষণ প্ৰসংগত শ্ৰী দত্তই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাবলগীয়া বিষয়বস্তুৰ চিনেমা জনপ্ৰিয় কৰি তোলা আৰু চিত্ৰনিৰ্মাণৰ বিভিন্ন দিশত জড়িত লোকৰ সতে কথোপকথনৰ আয়োজন কৰা আদৰ্শৰে চলচ্ছিত্ৰমে এই লানি কাৰ্যসূচী আৰম্ভ কৰিছে৷ চলচ্ছিত্ৰমৰ সংগ্ৰহালয়ত থকা বিভিন্ন ভাষাৰ বিভিন্ন ছবি এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ব৷
মহাবিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমত চিনেমা অন্তৰ্ভুক্ত কৰাৰ পৰিপ্ৰেক্ষিতত এই প্ৰচেষ্টা ফলপ্ৰসু হ’ব বুলি দত্ত আশা প্ৰকাশ কৰে৷
আজি এই অনুষ্ঠানত ৰাকেশ মৈৰাংগাথামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা বিজয়ী দেশ প্ৰেমমূলক মণিপুৰী ছবি ‘ফাদাৰছ ফুটষ্টেপ’, ৰেণুকা চোৰাইচামে মণিপুৰৰ পৰিচ্ছন্ন গাঁও ‘মাপাও’ৰ বিষয়ে নিৰ্মাণ কৰা ‘ছং ফ্ৰম মাপাও’, বেলতলা বজাৰৰ বিষয়ে সংগীতা মেধিয়ে নিৰ্মাণ কৰা ‘হাটকথা’ আৰু আছাৰকান্দিৰ টেৰাক’টা শিল্পৰ বিষয়ে নিৰ্মাণ কৰা ‘দা লেণ্ড অব হিডেন ট্ৰেজাৰ’ আৰু পবিত্ৰ কুমাৰ ডেকাৰ বিষয়ে উৎপল দত্তই নিৰ্মাণ কৰা ছবি ‘বাই লেন টু’ প্ৰদৰ্শন কৰা হয়৷
ফিল্ম ক্লাবৰ ভবিষ্যত পৰিকল্পনাৰ বিষয়ে চলচ্ছিত্ৰমৰ সতে হোৱা আলোচনাত ডঃ গাৰ্গী চক্ৰবৰ্তীয়ে কয় যে চলচ্ছিত্ৰ ভাষাৰ পৰা শক্তিশালী আৰু মলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ মনৰ জগতত বিশালতাৰ অনুভবৰ সৃষ্টি কৰিব পৰা ছবিহে শিক্ষানুষ্ঠানত প্ৰদৰ্শন হোৱা উচিত৷ প্ৰতিমাহতে ছবি প্ৰদৰ্শনৰ ব্যবস্থা কৰা হ’ব বুলি তেখেতে জনায়৷ ফিল্মক্লাবৰ পৰবৰ্তী ছবি প্ৰদৰ্শন হ’ব অহা মাৰ্চ মাহত৷