অষ্ট্ৰেলিয়াৰ টি২০ ক্ৰিকেট খেল বিগ বাছ লীগত প্ৰথমবাৰৰ বাবে ভাৰতীয় পুৰুষ ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব। উন্মুক্ত চান্দ নামৰ ২৮ বৰ্ষীয়ান ক্ৰিকেটাৰ জনে মেলবৰ্ণ ৰেনেগাডছ দ’লৰ হৈ অষ্ট্ৰেলিয়ান টি২০ খেলখনত ভাগ ল’ব।
উন্মুক্ত চান্দে ২০১২ চনত আই চি চি ১৯ৰ অনুৰ্ধৰ বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ৰাজস্থান ৰয়েলছ, দিল্লী ডেয়াৰডেভিলছ, মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল টি ২০ খেলত অংশগ্ৰহণ কৰিছিল। ইতিমধ্যে উন্মুক্ত চান্দে ভাৰতীয় ঘৰুৱা দলৰ হৈ সৰ্বমুঠ ৬৭ খন প্ৰথম শ্ৰেণীৰ খেলত অংশগ্ৰহণ কৰিছে।
অলপতে উন্মুক্ত চান্দে ভাৰতীয় ক্ৰিকেট দলৰ পৰা অৱসৰ গ্ৰহণ কৰি আমেৰিকালৈ যায়। আমেৰিকাত মাইনৰ লীগ ক্ৰিকেটত ছিলিকন ভেলী ষ্টাইকাৰ্ছৰ হৈ উৎকৃষ্ট প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
শেহতীয়াকৈ খেলুৱৈজনে অষ্টেলীয়াৰ বিগ বাছ লীগত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।