উপ নিৰ্বাচনত বিজয়ী হোৱা পাঁচ গৰাকী নৱ নিৰ্বাচিত বিধায়কে আজি শপত গ্ৰহণ কৰে। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, গোসাঁইগাঁওৰ বিধায়ক জিৰণ বসুমতাৰী আৰু তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আজি শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নৱ নিৰ্বাচিত বিধায়ক কেইগৰাকীক শপত বাক্য পাঠ কৰোৱাই। উল্লেখযোগ্য যে যোৱা ৩০অক্টোবৰত সমষ্টি কেইটাত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল। দুই নবেম্বৰত ঘোষণা কৰা হৈছিল ফলাফল। এই আটাইকেইটা সমষ্টিত বিজেপি আৰু মিত্ৰদল ইউ পি পি এলয়ে জয়লাভ কৰিছিল।