VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যৰ ছাত্ৰ-যুৱ সংগঠনৰ উদ্যোগত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন

voicedesk by voicedesk
April 11, 2023
in মুখ্য সংবাদ
ৰাজ্যৰ ছাত্ৰ-যুৱ সংগঠনৰ উদ্যোগত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ছেবা-ৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনাস্থা তথা দীৰ্ঘদিন ধৰি ক্ৰমাগতভাৱে জাতীয় অনুষ্ঠান ছেবাক ধ্বংস কৰাৰ চক্ৰান্তৰ  বিৰুদ্ধে ৰাজ্যৰ ছাত্ৰ যুৱ সংগঠন একত্ৰিত হৈ শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসম গঠন কৰে। এই মঞ্চত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, নিখিল ভাৰত ছাত্ৰ সন্থা, ছাত্ৰ যুৱ সংগ্ৰাম সমিতি,নিখিল ভাৰত যুৱ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন, ইণ্ডিয়ান ষ্টুডেন্ট অৰ্গেনাইজেচন,জাতীয় যুৱ শক্তি সন্মিলিত হয়।
ইয়াৰ পাছতে আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংগঠন কেইটাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদমেলত সংগঠন কেইটা আন্দোলন কাৰ্যসূচী ঘোষণা কৰে। ঘোষণা অনুসৰি অহা ২৮ এপ্ৰিল তাৰিখে ছেবা ৰক্ষাৰ দাবীত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।
প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই এই মঞ্চত অংশগ্ৰহণ কৰা প্ৰত্যেকটা ছাত্ৰ-যুৱ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক আশ্বস্ত কৰিব পৰাকৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল, বৰং তুলুঙা আৰু পাতল কথা কৈয়ে বিষয়টো লঘু কৰিবলৈ প্ৰয়াস কৰা দেখা গ’ল।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ দায়িত্ব ছেবাৰ লগতে অসমৰ শিক্ষা বিভাগৰো। পূৰ্বতে অনুষ্ঠিত হোৱা গণিত আৰু ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকতৰ ক্ষেত্ৰতো ফাদিল হোৱাৰ কথা পোহৰলৈ আহিছে,কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। আগতেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী গৰুৱে খোৱাৰ নিচিনা ঘটনা সংঘটিত হৈছে। বছৰ ধৰি বছৰ এনে ঘটনা হোৱাৰ পিছতো অসমৰ শিক্ষা বিভাগে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে মাধ্যম বিতৰ্ক, চৰকাৰী মাধ্যমৰ বিদ্যালয়ত মাচুল লোৱা, বিদ্যালয় বন্ধ কৰা, পদ বিলুপ্তিকৰণ কৰাতহে ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগ।
অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তুলিব বিচৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আছে।
এহাতে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা আৰু মহাবিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নত নকৰাকৈয়ে বিশ্ববিদ্যালয় ঘোষণা কৰিছে,আনহাতে এইবাৰ বাজেটত শিক্ষাৰ শিতানত ৫০০কোটি টকা হ্ৰাস কৰিছে।

ছেবাৰ দৰে এটা জাতীয় অনুষ্ঠানক সঠিক ৰূপত কাৰ্যক্ষম কৰি ৰখাৰ দায়িত্ব শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ। এনে এক সময়ত বিষয়টোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক আশ্বস্ত কৰিব পৰা মন্তব্য দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা অন্যান্য বিভাগীয় মন্ত্ৰী বিধায়কৰ দায় সৰা মন্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয়।

আনহাতে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ অঞ্চলত শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ কৰা  ছাত্ৰ – ছাত্ৰীসকলৰ ওপৰত পুলিচে যি অকথ্য নিৰ্যাতন চলালে তাৰ বিৰুদ্ধে “শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ,অসমে” তীব্ৰ প্ৰতিবাদ জনাইছে। প্ৰয়োজন সাপেক্ষে মঞ্চই এই ক্ষেত্ৰত মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিব।
২০০০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিসংগতি হৈছিল।সেইবাৰ নতুন পাঠক্রমৰ পাঠ্যপুথিৰ পৰা প্ৰশ্ন আহিব লাগিছিল,কিন্তু প্ৰশ্ন আহিল পুৰণি পাঠপুথিৰ পৰা। ছেবাই সেই প্ৰশ্নকাকতৰ পৰীক্ষা বাতিল কৰি সেই পৰীক্ষা নতুনকৈ পাতে আৰু তাৰ লগত জড়িত দুজনকৈ বিষয়াক কঠোৰতম শাস্তি বিহে। আনকি তাৰ বাবে পৰিষদৰ অধ্যক্ষ গৰাকীকো দায়িত্বৰ পৰা অব্যাহতি দিয়ে। এনেবোৰ ঘটনাৰ পৰা এতিয়াৰ ছেবা কৰ্তৃপক্ষ তথা অসম চৰকাৰে নিশ্চয় শিকিবলগীয়া আছে।
এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত এক উচ্চ পৰ্যায়ৰ তদন্ত কমিটিৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্ত কৰক, ছেৱাৰ অধ্যক্ষ আৰু সচিবে অনতিপলমে  দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক । প্ৰতিবাদকাৰী ছাত্ৰ – ছাত্ৰীক মাৰ পিট কৰা ধলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ওপৰত ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক। অসমৰ জাতীয় অনুষ্ঠান ছেৱাক ধ্বংস কৰাৰ চক্ৰান্ত বন্ধ কৰা আৰু সংস্কাৰৰ মাজেদি ছেৱাৰ প্ৰতি
অসমৰ মানুহৰ আস্থা ঘুৰাই অনাৰ ব্যৱস্থা কৰাৰ দাবীত অহা ২৮এপ্ৰিল তাৰিখে শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত হ’বলগীয়া আন্দোলনত সকলো দল,সংগঠন,শিক্ষাবিদ তথা সাধাৰণ ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল।

Previous Post

শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সূত্ৰধাৰৰ নৃত্য সন্ধিয়া

Next Post

সৰুসজাই ষ্টেডিয়ামত আয়োজিত “বিহু বিনন্দীয়া” অনুষ্ঠানৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সৰুসজাই ষ্টেডিয়ামত আয়োজিত “বিহু বিনন্দীয়া” অনুষ্ঠানৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

সৰুসজাই ষ্টেডিয়ামত আয়োজিত "বিহু বিনন্দীয়া" অনুষ্ঠানৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ ল'লে মন্ত্ৰী অশোক সিংহলে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7