বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ দেৱেন দত্ত আৰু নাই ৷ শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ ৷যোৱা নিশা প্ৰায় ১২.১০ বজাত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে সক্ৰিয় ৰাজহুৱা কর্মীগৰাকীয়ে । যোৱা ১১ আগষ্টত জি এম চি এইচত তেওঁক ভর্ত্তি কৰোৱা হৈছিল ৷
১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰৰ নাজিৰাত জন্মগ্ৰহণ কৰিছিল দেৱেন দত্তই ৷ বর্তমান তেওঁ গুৱাহাটীৰ সুন্দৰপুৰ অঞ্চলৰ স্থায়ী বাসিন্দা ৷ ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০০১ চনত দেৱেন দত্ত কটন মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে পদোন্নতি লাভ কৰে। ২০০২ চনত অৱসৰ গ্ৰহণ কৰে তেওঁ ৷
উল্লেখ্য যে জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে আজি পুৱা তেওঁৰ নশ্বৰ দেহ সুন্দৰপুৰস্থিত বাসগৃহলৈ অনা হয় ৷ ইয়াতে বহুসংখ্যক গুণমুগ্ধই তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ বাসগৃহৰ পৰা তেওঁৰ নশ্বৰদেহ কটন বিশ্ববিদ্যালয়লৈ অনা হয় ৷ য’ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু , অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্ত আৰু নবিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষার্থী সমাজে বিশিষ্ট শিক্ষাবিদগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ লক্ষণীয় যে অসমীয়া ভাষা শুদ্ধকৈ কোৱাৰ অথবা লিখিবলৈ তেওঁ সদায় পৰামর্শ আগবঢ়াইছিল ৷ অসমীয়া জাতীয় জীৱনক ক্ষতিগ্ৰস্ত কৰা প্ৰতিটো বিষয়তে তেওঁ সক্ৰিয়ভাৱে মাত মাতি আহিছিল ৷