VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এজন শাক-পাচলি বিক্ৰেতা,৩০বছৰ বয়সতে যি ডাষ্টবিনৰ পৰা কোলাত তুলি লৈছিল এজনী কণমানিক

এতিয়া অসমৰ আয়কৰ সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত সেই কণমানি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 18, 2023
in মুখ্য সংবাদ
এজন শাক-পাচলি বিক্ৰেতা,৩০বছৰ বয়সতে যি ডাষ্টবিনৰ পৰা কোলাত তুলি লৈছিল এজনী কণমানিক
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল ভাৱে সমাদ্ৰিত হোৱা এটি সঁচা কাহিনী ৷ এটি আচৰিত কাহিনী ৷ যি কাহিনীয়ে ইতিমধ্যে বহু লোকৰে হৃদয় স্পৰ্শ কৰিছে ৷ বহুজনেই নিজৰ ফেচবুক প্ৰফাইলত শ্বেয়াৰ কৰিছে এই কাহিনী ৷
এই কাহিনী অসমৰ তিনিচুকীয়া জিলাৰ এজন শাক-পাচলি বিক্ৰেতাৰ ৷ তেওঁৰ নাম ‘সুব্ৰণ’ ৷ যি নিজৰ ৩০বছৰ বয়সতে ডাষ্টবিনৰ পৰা কোলাত তুলি লৈছিল এজনী কণমানি ছোৱালীক ৷
সামাজিক মাধ্যমত ‘কমল বস্ত্রালয়’ নামৰ এটি একাউণ্টৰ পৰা শ্বেয়াৰ কৰা এই প’ষ্টটি আন বহুকেইগৰাকীয়েও ইতিমধ্যে শ্বেয়াৰ কৰা দেখা পোৱা গৈছে ৷
প’ষ্টটোত লিখা হৈছে যে এই ফটোখনত দেখা পোৱা প্ৰথম ফটোখনত থকা এই মানুহজনৰ নাম ‘সোব্ৰণ! তেওঁ শাক-পাচলি বিক্ৰী কৰি অসমৰ তিনিচুকীয়া জিলাত থাকে। ৩০ বছৰ বয়সত ডাষ্টবিনত এজনী ছোৱালী কান্দি থকা দেখিলে। দ্বিতীয় ফটোখনত দেখা মৰমলগা কণমানিজনী একেজনী ছোৱালী।
জাবৰত পৰি থকা সেই নিৰীহ ছোৱালীজনীক যেতিয়া সোব্ৰনে ঘৰলৈ আনিছিল, তেতিয়া তেওঁৰ বিয়া হোৱা নাছিল। সেয়ে সোব্ৰনে সিদ্ধান্ত ল’লে যে তেওঁ সেই নিৰীহ ছোৱালীজনীক ডাঙৰ-দীঘল কৰিব, শিক্ষিত কৰিব, বিয়া নহয় আৰু এইদৰেই তেওঁ সেই ছোৱালীজনীৰ নাম ৰাখিলে “জ্যোতি”৷
৩০বছৰ বয়সতে এজন চফল ডেকাই নিজে বিয়া পতাৰ পৰিৱৰ্তে শাক-পাচলিৰ ব্যৱসায় কৰি কণমানি জনীৰ পিতৃ হৈ তাইক শিক্ষিত কৰাৰ দিশে অগ্ৰসৰ হ’ল ৷
শাক-পাচলি বিক্ৰী কৰা সেই যুৱকজনে কণমানি জনীক ডাঙৰ-দীঘল কৰিবৰ বাবেই দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰিছিল আৰু জীয়েক জ্যোতিয়েও অতি মনোযোগেৰে পঢ়া-শুনা কৰিছিল।এতিয়া সেই জ্যোতিৰ বয়স ২৫ বছৰ।২০১৩ চনত কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা জ্যোতিয়ে ২০১৪ চনত অসম লোকসেৱা আয়োগৰ বাবে নিৰ্বাচিত হয় আৰু আজি জ্যোতি অসমৰ আয়কৰ সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত!!
জ্যোতি নামৰ এইগৰাকী বিষয়াৰ সফলতাৰ আঁৰত অৱশ্যেই লুকাই আছে সুব্ৰণ নামৰ এই লোকজনৰ অপৰিসীম ত্যাগ আৰু সেই কণমাণিজনীৰ প্ৰতি থকা নিস্বাৰ্থ মৰম ৷
প’ষ্টটোত উল্লেখ কৰা অনুসৰি আজি যেতিয়া সোবেৰনক সোধা হয় যে তেওঁ ভাবিছিলনে যে তেওঁ ডাঙৰ-দীঘল কৰা, পঢ়োৱা সন্তানটো এদিন ইমান সফল হ’ব! তেতিয়া তাৰ উত্তৰত তেওঁ কয় যে তেওঁ মাত্ৰ এটা কথা জানে যে তেওঁ কয়লাৰ খনিত এটুকুৰা হীৰা বিচাৰি পাইছিল।
সঁচাকৈয়ে জাতি, ধৰ্ম, কু-অভিপ্ৰায়, হিংসা, নিষ্ঠুৰতা, অহংকাৰ আদিৰ পৰা আঁতৰি সততাৰে জীৱন নিৰ্বাহ কৰা সোব্ৰন নামৰ এইজন লোকে যেন সকলোকে দেখুৱাইছে জীয়াই থকাৰ পথ৷
সঁচা অৰ্থত সুব্ৰনৰ দৰে এই মানুহবোৰেই একো একোখন সমাজৰ প্ৰকৃত নায়ক!যি নিজৰ জীৱনৰ কথা চিন্তা নকৰাকৈয়ে ভাবিব পাৰে আন এটি জীৱনৰ কথা ৷ এটি অবোধ শিশুৰ কান্দোন শুনি যি পাহৰিব পাৰে নিজৰ সকলো দুখ-কষ্ট, ত্যগ কৰিব পাৰে নিজৰ সকলো সুখ ৷

Previous Post

বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

Next Post

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ সম্পূর্ণ কৰিলে কিং কোহলিয়ে

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
কিয় আগতকৈ বেছিকৈ  হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে  বন্ধু ডি ভিলিয়ার্ছে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ সম্পূর্ণ কৰিলে কিং কোহলিয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7