কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে দিল্লীৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সতেন্দ্ৰ্য জৈন ৷ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈন তিহাৰ জেলৰ শৌচাগাৰত মূৰ ঘুৰণি হৈ বাগৰি পৰে জানিব পৰা মতে, বৃহস্পতিবাৰে তেওঁক দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
সত্যেন্দ্ৰক মে’ মাহত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। অৰবিন্দ কেজৰিৱালৰ মন্ত্ৰীসভাৰ মন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে তেওঁ অসুস্থ। কিছুদিন পূৰ্বে তেওঁ জেল কৰ্তৃপক্ষক জনাইছিল যে তেওঁ নিসংগতাত ভুগি আছে। ডিপ্ৰেছনে তেওঁক আগুৰি ধৰিলে। গতিকে দুজন সংগী বিচাৰিছিল। দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে তিহাৰৰ ৭ নং জেলৰ অধীক্ষকক কৰ্তৃপক্ষই শাস্তি প্ৰদান কৰা হয় ৷ তেওঁক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছিল ৷ অভিযোগ অনুসৰি, উচ্চতম কৰ্তৃপক্ষৰ অনুমতি অবিহনে আপ নেতাৰ অনুৰোধৰ প্ৰতি তেওঁ সঁহাৰি জনাইছিল। ইয়াৰ পিছত সত্যেন্দ্ৰৰ অসুস্থতাৰ খবৰ আহিল। আপৰ এক বিবৃতিত কোৱা হৈছে যে, “দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সতৈন্দ্ৰ জৈনক। তিহাৰ জেলৰ শৌচাগাৰত পৰি তেওঁ মেৰুদণ্ডত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।”
সত্যেন্দ্ৰ জৈন অৰবিন্দ কেজৰিৱাল চৰকাৰৰ স্বাস্থ্য আৰু কাৰাগাৰ মন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে সত্যেন্দ্ৰৰ বিৰুদ্ধে জেলত বিশেষ সুবিধা লোৱাৰ অভিযোগ উত্থাপন হৈছিল। কেজৰিৱাল চৰকাৰৰ আন এজন মন্ত্ৰী মনীষ ছিছ’ডিয়া এতিয়া জেলত। আবকাৰী গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে তেওঁক।