আজি দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা ৷ জিলাখনৰ জিগ চন্দনৱাৰীৰ ওচৰত এখন বাছ পথৰ পৰা পিছলি দ খাৱৈত বাগৰি পৰাৰ ফলত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) কমেও চাৰিজন কৰ্মী নিহত হোৱাৰ বিপৰীতে আন ৩৭ জন লোক আহত হয়৷ জানিবপৰা মতে কেইগৰাকীমান অতি গুৰুতৰভাৱে আহত হয়।
চৰকাৰী সূত্ৰই জনোৱা মতে, যাত্ৰাৰ দায়িত্বত নিয়োজিত আইটিবিপিৰ কৰ্মচাৰী কঢ়িয়াই অনা বাছখন চন্দনৱাৰীৰ পৰা উভতি আহি আছিল আৰু বাহনখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত বাহনখন খাৱৈত পৰি গৈছিল।
আনহাতে তেওঁলোকে কৈছিল যে কি পৰিস্থিতিত চালকজনে নিয়ন্ত্ৰণ হেৰুৱালে তাৎক্ষণিকভাৱে তাক জানিব পৰা হোৱা নাই । ঘটনাস্থলীত ইতিমধ্যে চাৰিজন কৰ্মচাৰীৰ মৃত্যু হৈছে ৷ আনহাতে কমেও ৩৭ জন লোক আঘাতপ্ৰাপ্ত হৈছে যাৰ বেছিভাগৰে অৱস্থা গুৰুতৰ।আহত কৰ্মীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে ।