মুম্বাইৰ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন-ন তথ্য ৷ অভিযুক্তি আফতাবৰ আছে মহিলাৰ প্ৰতি বিশেষ আসক্তি ৷ একাধিক মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আফতাবৰ । কেবল দেশৰে নহয়, বিদেশৰ মহিলাৰ সৈতেও সম্পর্ক আছিল আফতাবৰ ৷ অভিযোগনামাত এই কথা উল্লেখ কৰিছে দিল্লী আৰক্ষীয়ে।
শ্ৰদ্ধাৰ উপৰিও প্ৰাথমিক তদন্তৰ সময়ত আফতাবৰ আন এগৰাকীৰ সৈতে সম্পৰ্ক থকা বুলি আৰক্ষীয়ে গম পায়। এই সম্পৰ্কক লৈ শ্ৰদ্ধা আৰু আফতাবৰ মাজত যথেষ্ট মতবিৰোধ হৈছিল। কিন্তু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে এই হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আফতাবৰ এগৰাকীতকৈ অধিক মহিলাৰ সৈতে সম্পৰ্ক আছিল। দিল্লীৰ পৰা ডুবাইলৈকে মহিলাৰ লগত সম্পর্ক আছিল আগতাবৰ ৷
তদন্তৰ আৰম্ভণিতে আৰক্ষীয়ে কয় যে শ্ৰদ্ধাৰ হত্যাৰ পিছত আফতাবে ডেটিং এপৰ জৰিয়তে এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। সঘনাই মহিলা গৰাকীক নিজৰ ফ্লেটলৈ লৈ আহিছিল। কিন্তু আৰক্ষীৰ তদন্তত পিছত গম পোৱা গৈছে যে আফতাবৰ কেইবাগৰাকীও মহিলাৰ সৈতে সম্পৰ্ক পোহৰলৈ অহাৰ পিছত সেই মহিলাগৰাকীৰ সৈতে তেওঁৰ সমস্যাও আৰম্ভ হৈছিল।
শ্ৰদ্ধাক হত্যা কৰাৰ পূৰ্বে আফতাব মুম্বাইৰ সমীপৰ ভাছাইলৈ গুচি যায়। ইয়াৰ পিছত তেওঁ তাৰ পৰা দিল্লীলৈ গুচি যায়। ইয়াৰ পিছত যোৱা বছৰৰ ১৮ মে’ত আফতাবে শ্ৰদ্ধাৰ মৃতদেহ ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।