চাৰি মাহৰ বিৰতিত ইন্ধনৰ মূল্য বৃদ্ধিক লৈ আজি ৰাজ্যসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ কংগ্ৰেছ নেতা শক্তিসিংহ গোহিলৰ সদন স্থগিত প্ৰস্তাৱ প্ৰত্যাখ্যানক লৈ সৃষ্টি হোৱা হুলস্থুলৰ বাবে ৰাজ্যসভাৰ কাম-কাজ দুপৰীয়ালৈ স্থগিত ৰখা হয় ৷ ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে কয় যে সদনৰ বিধিৰ ২৬৭ ৰ অধীনত সদন স্থগিতৰ জাননীখন গ্ৰহণ কৰা হোৱা নাই ৷ ইয়াৰ পাছতে অসন্তুষ্ট হৈ পৰা বিৰোধী সাংসদসকলে ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে ৷ যাৰ বাবে সদনৰ কাম- কাজ ব্যাহত হৈ পৰে ৷
উল্লেখ্য যে ২ নৱেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ০.৮০ টকাকৈ বৃদ্ধি কৰা হৈছে। বিশ্লেষক আৰু ৰাজনৈতিক দলসমূহে আশংকা প্ৰকাশ কৰিছে যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত অশোধিত পেট্ৰ’লিয়ামৰ হাৰ বৃদ্ধি হোৱাৰ ফলত হোৱা লোকচান পূৰণ কৰিবলৈ অনাগত দিনসমূহত ইন্ধনৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাব।ৰন্ধন গেছৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ৫০ টকা বৃদ্ধি কৰা হৈছে। ৰাজ্যসভা সচিবালয়লৈ দিয়া জাননীত গোহিলে কয়, “ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি অব্যাহত ৰখাৰ ওপৰত আলোচনা কৰিবলৈ সদনে শূণ্যকালীন আৰু প্ৰশ্নকাল আৰু দিনটোৰ অন্যান্য কাম-কাজ স্থগিত ৰাখিব লাগে ।