১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত কংগ্ৰেছৰ সভাপতি আছিল জে বি কৃপনালী। স্বাধীনতাৰ সময়ত গান্ধীজীৰ মতাদৰ্শক সন্মান জনাই নেহৰুকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ অন্য নেতাসকলক সমালোচনা কৰি স্বাধীনতাৰ পিছত সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল।
১৮৮৮ চনত হায়দৰাবাদত জন্ম গ্ৰহণ কৰা জে বি কৃপনালীয়ে পুনেৰ চেইণ্ট ফৰগুশ্যন কলেজৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। শিক্ষক হিচাপে কৰ্মজীৱন জীৱনৰ পাতনি মেলে।
১৯১৭ চনত বিহাৰৰ চম্পাড়ন সত্যাগ্ৰহৰ সময়তে কৃপনালী মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ আহে। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সত্যাগ্ৰহত অংশ লয়। পিছলৈ ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত যোগদান কৰে।
জে বি কৃপনালীক আচাৰ্য্য কৃপনালী বুলিও জনা যায়। সংবিধান সভাৰ তেওঁ অন্যতম সদস্য আছিল। তেওঁ তিনিবাৰকৈ সাংসদ হোৱাৰ সুযোগ লাভ কৰিছিল।
জৱাহৰলাল নেহৰুৰ মন্ত্ৰী সভা গঠনৰ সময়ত নেহৰু মন্ত্ৰী সভাৰ সিদ্ধান্তসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৰ্বস্ত কৰে। গান্ধীজীৰ মতাদৰ্শক গুৰুত্ব প্ৰদান নকৰি আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ পৰিৱৰ্তে উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাত অসন্তুষ্ট হয়।
ইন্দিৰা গান্ধীৰ মন্ত্ৰী সভাৰ আঁচনি বা সিদ্ধান্তৰ বিৰুদ্ধেও তেওঁ সমালোচনা কৰিছিল। ১৯৭৫ চনত দেশত নিজাববীয়াকৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ইন্দিৰা গান্ধীয়ে যি স্বৈৰচাৰিতাৰ প্ৰমাণ দিছিল, সেই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বাবে তেওঁক আটক কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময় গ্ৰেপ্তাৰ হোৱা তেওঁ প্ৰথম ব্যক্তি আছিল।
তেওঁ আৰু তেওঁৰ জীৱন সংগী সুচেত্ৰা কৃপনালীয়ে ওৰে জীৱন গান্ধী আদৰ্শেৰে সমাজ পৰিচালনা কৰাত গুৰুত্ব দিছিল। ১৯৮২ চনৰ ১৯ মাৰ্চত তেখেতৰ মৃত্যু হয়।