কাৰাবন্দী গেংষ্টাৰ মুখতাৰ আনছাৰীক আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ আদালতে ৩২ বছৰ পুৰণি এটা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে তেওঁক ১,০০,০০০ টকা জৰিমনা বিহা হয়। তেওঁৰ বিৰুদ্ধে থকা ৬১টা অপৰাধমূলক গোচৰত ষষ্ঠবাৰৰ বাবে দোষী সাব্যস্ত হৈছে আনছাৰী। তেওঁৰ বিৰুদ্ধে আন ২০টা গোচৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিচাৰাধীন হৈ আছে।
১৯৯১ চনত কংগ্ৰেছৰ এজন নেতাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । ১৯৯১ চনৰ ৩ আগষ্টত বাৰাণসীৰ অজয় ৰায়ৰ ঘৰৰ বাহিৰত কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক অজয় ৰায়ৰ ভাতৃ আৱাধেশ ৰায়ক গুলীয়াই হত্যা কৰা হৈছিল ৷ অপৰাধ সংঘটিত কৰাৰ সময়ত মুখতাৰ আনছাৰী বিধায়ক নাছিল। ৰায়দানৰ পূৰ্বে আদালত কমপ্লেক্সত নিৰাপত্তা কটকটীয়া কৰা হয়। ৰায়ে এজাহাৰত মুখতাৰ আনছাৰী, ভীম সিং, প্ৰাক্তন বিধায়ক আব্দুল কালিম আৰু আন দুজনৰ নাম উল্লেখ কৰিছিল।
পাঁচটা কাৰ্যকালৰ বিধায়ক মুখতাৰ আনছাৰীক এই এপ্ৰিল মাহত আন এটা অপহৰণ আৰু হত্যাৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। কেইবাটাও অপৰাধমূলক গোচৰ — মাটি দখল, হত্যা আৰু ধন দাবীৰ অভিযোগত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে গোচৰ ।
মুখতাৰ আনছাৰীয়ে পাঁচবাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিল ৷ ১৯৯৬, ২০০২, ২০০৭, ২০১২ আৰু ২০১৭ চনত তেওঁ জয়লাভ কৰে ।শেষৰ তিনিবাৰ জেলত থকাৰ সময়তে বিজয় সাৱ্যস্ত কৰে ৷