অসমবাসী ৰাইজৰ বাবে এক গৌৰৱৰ খবৰ ৷ অসমীয়া নাৰীসকলৰ বাবে এক গৌৰৱৰ খবৰ ৷ এগৰাকী অসম কন্যাৰ সফলতা দেখি যেন উৎফুল্লিত হৈছে এতিয়া সকলো ৷
কালি অৰ্থাৎ ১৮ডিচেম্বৰত এখন ঐতিহাসিক খেলেৰে বিশ্বকাপৰ সামৰণি পৰিল আৰু নেপোলিয়নৰ দেশৰ কিংবদন্তী খেলুৱৈ মেছিৰ দলৰ ঐতিহাসিক বিজয়ৰ উন্মাদনা মাৰ নৌ যাওঁতই সামাজিক মাধ্যমত প্ৰচাৰিত হ’ল এগৰাকী অসম কন্যাৰ ফটো ৷ জীৱন্ত শইকীয়া নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত এই ফটো প্ৰকাশ কৰি প্ৰশংসা কৰি লিখিলে যে তাই আমাৰ ছোৱালী । ফিফা বিশ্বকাপ কভাৰ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা সাংবাদিক গীতিকা তালুকদাৰ । কিমান যে সুখ এয়া আমাৰ । বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফাৰ গীতিকা তালুকদাৰ । টকিঅ’ অলিম্পিক, ফিফা বিশ্বকাপ ২০১৮ আৰু আই.পি.এল.ৰ গোটেইকেইটা চিজনৰ কভাৰ কৰিছিল আমাৰ ছোৱালীজনীয়ে । কেমেৰা লেন্সত পৃথিৱী চাব বিচৰা ছোৱালীজনী এতিয়া জগত সভাত । এইখিনিয়ে আমাৰ অহংকাৰ আৰু সুখ । চ্যেলুট গীতিকা তালুকদাৰ ৷
আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফাৰ গীতিকা তালুকদাৰৰ এই সফলতাই প্ৰকৃতাৰ্থত গৌৱৰান্বিত কৰিছে সকলোকে । কেমেৰা লেন্সেৰে পৃথিৱীখন চাব বিচৰা ছোৱালীজনীৰ এই সপোন বাস্তৱ হোৱাৰ সুখত যেন সুখী প্ৰতিজন অসমীয়া ৷ গীতিকা তালুকদাৰৰ এই যাত্ৰা অব্যাহত থাকক ৷ সপোনৰ জখলা বগাই সফলতাৰ শিখৰ চুমিবলৈ সক্ষম হওঁক উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মহিলা সাংবাদিকগৰাকী সেয়াই সকলোৰে কামনা ৷