সাগৰৰ পাৰত আৱর্জনা পৰি থকাটো কোনো নতুন কথা নহয় ৷ পশ্চিম অষ্ট্ৰেলিয়াৰ এখন সাগৰৰ পাৰত পৰি থকা এটা বিশাল ধাতুৰ বস্তুক লৈ সকলো বিমোৰত পৰিছে । অজ্ঞাত বস্তুটো ক’ৰ পৰা আহিল? ৰহস্য আৰু কৌতুহল ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷
এই আৱর্জনাটো দেখাত পানীৰ টেংকাৰৰ দৰে ঘূৰণীয়া ৷ যাৰ ওপৰৰ ফালটো গম্বুজৰ দৰে। বস্তুটোৰ ধাতুৰ দৰে শৰীৰটো চিকচিকিয়া। ঠিক কাঁহৰ দৰেই। তলৰ অংশটো অলপ উখহি উঠা। গ্ৰীণ হেড বিচত এনে এটা বস্তুক লৈ সৃষ্টি হৈছে ৰহস্য। বাসিন্দাসকলক বস্তুটোৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এই খবৰ সোমবাৰে বিবিচিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে এই বস্তুটোৰ ৰহস্য উন্মোচন কৰিবলৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।
বিশাল বস্তুটো ধাতুৰ। গ্ৰীণ হেড বিচৰ বাসিন্দাসকলে জনোৱা মতে, বস্তুটো প্ৰায় ডেৰ-দুই মিটাৰ বহল। প্ৰায় ডেৰ-দুই তিনি মিটাৰ দীঘল। শনিবাৰে নিশা এই বস্তুটো চাবলৈ ভিৰ কৰিছিল বাসিন্দাসকলে।
সেই অজ্ঞাত বস্তুটোৰ বিষয়ে বিভিন্ন জনৰ মতামত বেলেগ বেলেগ। বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। বিমান বিশেষজ্ঞ জিঅ’ফ্ৰে থমাছে কয় যে এই বস্তুটো ৰকেটৰ ইন্ধনৰ টেংক হোৱাৰ সম্ভাৱনা আছে। ভাৰত মহাসাগৰৰ ওপৰত বিগত ১২ মাহত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এটা ৰকেট। ফলত সেই বস্তুটো সাগৰৰ পাৰত ওপঙি গ’ল। অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাটোৱে জনোৱা মতে, এই বিশাল চিলিণ্ডাৰটো বিদেশী মহাকাশযানৰ পৰা বাগৰি পৰিছে।
২০১৪ চনত পশ্চিম অষ্ট্ৰেলিয়াৰ উপকূলত ২৩৯ জন যাত্ৰীৰে অন্তৰ্ধান হৈছিল এখন বিমান । বস্তুটো সেই বিমানখনৰ চিলিণ্ডাৰ হ’ব পাৰে। একাংশই এনে দাবী কৰিছে। অৱশ্যে বিমান বিশেষজ্ঞ থমাছে এনে সম্ভাৱনাক উলাই কৰে। গতিকে সেই বস্তুটো কি? সেই দেশৰ প্ৰশাসন এতিয়া এই ৰহস্য সমাধানত ব্যস্ত।