ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আজাদী কা অমৃত মহোৎসৱ পালনৰ উদ্দেশ্যে এলানি নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইচ্ছুক প্ৰতিযোগীসকলে অহা ১৭ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰৰ ভিতৰত অংশগ্ৰহণ কৰিব পাৰিব।
www.vandebharatamnrityautsav.in আৰু vande bharatam এপ ডাউনলোড কৰি প্ৰতিযোগীসকলে ডিজিটেলভাৱে অন্তৰ্ভুক্ত হ’ব পাৰিব। এই প্ৰতিযোগিতাৰ জৰিয়তে অনাগত ২০২২ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ গ্ৰহণ কৰিবলৈ নৃত্য দল বাচনি কৰা হ’ব।
প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ প্ৰতিযোগীসকল বাধ্যতামূলক ভাবে ভাৰতীয় নাগৰিক হ’ব লাগিব। পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড জমা দিব লাগিব। প্ৰতিযোগীতাৰ বয়স ১৬ ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।
আনহাতে দলীয় অংশগ্ৰহণত কেৱল ১০-৩০ গৰাকী প্ৰতিযোগী থাকিব লাগিব। প্ৰতিটো দলে মুঠতে চাৰিটা প্ৰকাৰৰ মাজেৰে কেৱল এটাৰ বাবে অন্তৰ্ভুক্তিৰ পছন্দ বাছি ল’ব লাগিব। ডিজিটেল অন্তৰ্ভুক্তিৰ বাবে অ’ডিচন ক্লিপ সৰ্বাধিক ৩ মিনিটৰ হ’ব লাগিব।
ইয়াৰ উপৰিও মন্ত্ৰালয়ৰ দেশভক্তি গীত, লগৰীয়াৰ আৰু ৰংগোলী প্ৰতিযোগিতাৰো আয়োজন কৰিছে। www.amritmahotsav.nic.in পৰ্টেলৰ যোগেদি ইচ্ছুকসকলে যোগদান কৰিব পাৰিব।