ৰাজ্যত বহুবিবাহ আৰু লাভজেহাদ আদিৰ দৰে কুপ্ৰথা বন্ধৰ বাবে শীঘ্ৰে প্ৰণয়ন হ’ব আইন ৷ এই সন্দর্ভত আইনৰ খচৰা প্ৰস্তুত কৰিবলৈ ৰাজ্যপালে গঠন কৰিছে এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছে ৷ ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক অধ্যক্ষ হিচাপে লৈ এই কমিটীখন গঠন কৰা হৈছে ৷ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিং,অসমৰ অতিৰিক্ত মহাধিবক্তা নলিন কোহলি, ন্যায়িক বিভাগৰ সচিব ৰমেন বৰুৱাক সদস্য হিচাপে কমিটীখনত নিযুক্তি দিয়া হৈছে ৷ তদুপৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুক কমিটীত সদস্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে ৷ বাল্যবিবাহত কাজীৰ ভুমিকা সন্দর্ভতো এই কমিটীখনে ব্যৱস্থা গ্ৰহণ কৰিব ৷
কমিটীখনে এই সন্দর্ভত লাভ কৰা মতামতসমূহ বিবেচনা কৰিব ৷ এই আইনৰ বিৰোধিতা কৰা তিনিখন আৱেদনো কমিটীখনে বিবেচনা কৰিব ৷ কমিটীয়ে বিৰুদ্ধাচাৰণ কৰা আৱেদনৰ ব্যক্তিগত শুনানি গ্ৰহণ কৰিব লাগিব ৷ আইন আয়োগৰ অধ্যক্ষকো কমিটীয়ে সাক্ষাৎ কৰিব পাৰিব ৷
৪৫ দিনৰ ভিতৰত আইনৰ খচৰা সন্দর্ভত প্ৰতিবেদন দাখিল কৰিব লাগিব ৷