VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক

voicedesk by voicedesk
March 17, 2023
in মুখ্য সংবাদ
কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত ৰাজ্যপাল গৰাকীয়ে কৃষি, জনস্বাস্থ্য কাৰিকৰী, গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষ, গুৱাহাটী পৌৰ নিগম, শিক্ষা আদি বিভাগসমূহে ৰূপায়ন কৰি থকা আঁচনি, কাৰ্যসূচী আদিৰ বুজ লয়৷

বিভাগসমূহে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে ৰাজ্যপালগৰাকীক সবিশেষ অৱগত কৰে৷ ৰাজ্যপালগৰাকীয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহাল আৰু গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া কে জে হিলালীৰ পৰা গুৱাহাটী মহানগৰীত কৃত্ৰিম বান নিয়ন্ত্ৰণ, জাবৰ ব্যৱস্থাপনা আদি বিষয় সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপৰ বুজ লয়৷ পৰ্যালোচনা বৈঠকৰ অন্তত উপস্থিত বিষয়াসকলক উদেশ্যি ৰাজ্যপালগৰাকীয়ে কয়,’আমি যি কৰো যোগাত্মক দিশত কৰিব লাগে৷ চৰকাৰী কামত বিভিন্ন অসুবিধা থকিবই, তাক প্ৰত্যাহ্বান হিচাপে লৈ আমি আগবাঢ়িব লাগিব৷

ৰাইজক যিমান পাৰো বেছি সেৱা আগবঢ়াবলৈ আমি আমি চেষ্টা কৰিব লাগিব৷’ যোৱা ফেব্ৰুৱাৰী মাহত অসমৰ ৰাজ্যপালৰ দায়িত্ব লোৱা গুলাব চান্দ কটাৰিয়াই দহ বছৰ পূৰ্বে অসমলৈ অহাৰ অভিজ্ঞতাৰ আধাৰত কয়,’দহ বছৰৰ আগতকৈ অসম এতিয়া বহুত সলনি হ’ল৷ ৰাজ্যখন অৰ্থনৈতিকভাৱে বহুত আগবাঢ়িছে৷’ বৈঠকৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এক বৃক্ষৰোপন কাৰ্যসূচীতো ভাগ লয়৷ পৰ্যালোচনা বৈঠকখনত জিলা প্ৰশাসন আৰু ৰাজভৱণৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে ৰাজ্যপালগৰাকীয়ে জিলা পৰ্যায়ত বিভাগসমূহৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লোৱাৰ পৰিকল্পনা কৰিছিল আৰু ইয়াৰ অংশ হিচাপে প্ৰথমে তেখেতে কামৰূপ মহানগৰ জিলাত বিভাগসমূহৰ কামৰ পৰ্যালোচনা কৰে৷

Previous Post

হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়

Next Post

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7