হাইড্ৰজেন চালিত ৰেল সেৱা আৰম্ভ কৰিছে চীনে। চীনৰ ‘চি আৰ আৰ চি কৰ্প’ৰেশ্যন লিমিটেডে’ শেহতীয়াকৈ মুকলি কৰিছে ‘হাইড্ৰ’জেন আৰ্বান ট্ৰেইন’। যিখন এছিয়াৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়খন এনে ৰে’ল।
কিছু মাহ পূৰ্বে জাৰ্মানীত হাইড্ৰজেন চালিত প্ৰথমখন ‘সেউজ ৰে’ল’ মুকলি কৰা হৈছিল। ইয়াৰ পিছত এই ৰেলখন চীনত মুকলি কৰা হয়। ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি অতি শীঘ্ৰে ভাৰতত সেউজ ৰে’ল চলাচল কৰিব।
চীনৰ হাইড্ৰজেন ৰেলৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ। ইন্ধন শেষ হ’লেও ই ৬০০ কিলোমিটাৰ চলিব পাৰে।
আনহাতে জাৰ্মানীৰ ৰেল নিৰ্মাতা কোম্পানী আলষ্টমে দাবী কৰিছে যে দেশখনৰ সেউজ ৰে’ল ক’ৰাডিয়া ইলিণ্টে ইন্ধন অবিহনে ১১৭৫ কিলোমিটাৰ চলিব পাৰে।
ভাৰতীয় ৰে’লৱেও ‘বিশ্বৰ আটাইতকৈ সেউজ ৰে’ল’ মুকলি কৰাৰ দিশত আগবাঢ়িছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল ২০২৩ চনৰ ডিচেম্বৰ মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে।
মন্ত্ৰী অশ্বিনীৰ মতে ভাৰতীয় ৰেলৱেই ‘বন্দে ভাৰত’ এক্সপ্ৰেছৰ দৰে নতুন পৰিৱেশ অনুকূল আৰু দ্ৰুতবেগী ৰে’লৰ কাম কৰি আছে। অভিযন্তাসকলেও নতুন ৰে’লপথৰ ডিজাইন কৰি আছে। অশ্বিনীয়ে উল্লেখ কৰে যে, “ভাৰতত নিৰ্মিত ‘বিশ্বৰ আটাইতকৈ সেউজ ৰে’ল’ৰ ডিজাইনৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল মুকলি কৰাৰ আশা কৰা হৈছে ৷
চীনৰ হাইড্ৰজেন ৰে’লখন ‘ফক্সিং হাই-স্পীড প্লেটফৰ্ম’ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। ‘চি আৰ আৰ চি কৰ্পৰেশ্যন লিমিটেডে’ ২০২১ চনত পৰীক্ষামূলক ভিত্তিত প্ৰথমখন এনে ৰে’ল মুকলি কৰিছিল ৷ তাৰ আগতে ২০১০ চনৰ মাজভাগত হাইড্ৰজেন চালিত কেইখনমান ট্ৰাম নিৰ্মাণ কৰা হৈছিল।
এই চীনা ৰেলখনত থাকিব শেহতীয়া চেন্সৰ প্ৰযুক্তি। প্ৰতিটো কোঠাত থাকিব ৫জি ইণ্টাৰনেট সেৱা।এই ৰে’লৰ ব্যৱহাৰে বছৰি ১০ টন পৰ্যন্ত কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব বুলি ধাৰণা কৰা হৈছে। জাৰ্মানীত আৰম্ভ হৈছে বিশ্বৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল। জাৰ্মান চৰকাৰে ঘোষণা কৰিছে যে সেই দেশত ১৫খন ডিজেল ৰে’লৰ ঠাইত ১৫খন নতুন হাইড্ৰ’জেন ৰে’ল প্ৰৱৰ্তন কৰা হৈছে।
পৰিবহণ উদ্যোগত হাইড্ৰজেনক জীৱাশ্ম ইন্ধনৰ শক্তিশালী প্ৰতিস্থাপক হিচাপে দেখা যায়। গাড়ীত ব্যৱহাৰৰ বাবে সৰু সৰু ইন্ধন কোষো নিৰ্মাণ কৰা হৈছে।এই নতুন হাইড্ৰজেন প্ৰযুক্তিটোক সামগ্ৰী হিচাপে বিক্ৰী কৰাৰ ধাৰণা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। বিজ্ঞানীসকলেও কৈছে যে এই প্ৰযুক্তি পৰিপক্ক ৰূপত বজাৰলৈ আনিবলৈ অধিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন।