অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব ২০২২বৰ্ষৰ গুণোৎসৱ ৷ শিশুৰ বিদ্যায়তনিক গাঁথনিৰ বাবে অসম চৰকাৰে অনু্ষ্ঠিত কৰা গুণোৎসৱে নিশ্চয়কৈ উপকৃত কৰিব ছাত্ৰ-ছাত্ৰীক ৷ কিন্তু শেহতীয়াকৈ গুণোৎসৱ সন্দৰ্ভত প্ৰকাশিত হোৱা এক নিৰ্দেশনাই হতাশ কৰিছে শিক্ষক সকলক ৷ যিহেতু নিৰ্দেশনা খনৰ এটি নিৰ্দেশত কোৱা হৈছে যে-এইবাৰ ক্লাষ্টাৰৰ ভিতৰত বিদ্যালয়সমূহৰ মাজত সালসলনি কৰা হ’ব শিক্ষক সকলক৷ বিগত কেইবাৰৰ দৰে নিজৰ নিজৰ বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ সালসলনি হ’ব শিক্ষসকলৰ স্থান ৷ নিজৰ বিদ্যালয়ত থাকিব নোৱাৰিব শিক্ষক সকল ৷ ক্লাষ্টাৰৰ ভিতৰত বিদ্যালয়সমূহৰ মাজত সালসলনি কৰা হ’ব শিক্ষক ৷ কিন্তু অসমত এনে বহু বিদ্যালয় আছে য’ত মাত্ৰ এজন শিক্ষকেই বিদ্যালয়খন পৰিচালনা কৰি আছে ৷নিজৰ বিদ্যালয় এৰি আন বিদ্যালয়লৈ যাবলগীয়া হ’লে কি হ’ব বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অৱস্থা ?
এতিয়া প্ৰশ্ন হ’ল অসমৰ বহু ঠাইত এজন শিক্ষকেৰে এখন বিদ্যালয় চলাই থকা চৰকাৰ খনে কি পদক্ষেপ ল’ব এই ক্ষেত্ৰত ? গৃহস্থ বিহীন ঘৰ অৰ্থাৎ বিদ্যালয় এখনলৈ গৈ কেনেকৈ গুণোৎসৱ পালন কৰিব আন বিদ্যালয়ৰ শিক্ষক এজনে?