VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
April 3, 2023
in মুখ্য সংবাদ
নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰা নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত চকলাঘাট শাখা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নৱ-নিৰ্বাচিত সমিতিখনক ৰবিবাৰে শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাত আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয় ৷ তদুপলক্ষে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ প্ৰাংগণত পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি তথা বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই।

পতাকা উত্তোলন কৰি দিয়া ভাষণত বিদায়ী সভাপতি ভট্টাচাৰ্যয়ে সাম্প্ৰতিক সময়ত অসমীয়া ভাষা আৰু সাংস্কৃতিলৈ বিভিন্ন পক্ষৰ পৰা অহা কু-অভিপ্ৰায় আৰু আগ্ৰাসনক ৰোধ কৰিবৰ বাবে সকলোকে মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে স্মৃতি তৰ্পণ মুকলি কৰি প্ৰবীণ শিল্পী দেৱ কুমাৰ বৰাই চকলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰোহিত চন্দ্ৰ বেজবৰুৱাৰ লগতে প্ৰয়াত কাণ্ডাৰীসকলৰ স্মৃতি চাৰণ কৰে আৰু বৃহত্তৰ চকলাঘাট অঞ্চলৰ গৌৰৱময় ইতিহাসৰ কথা সোঁৱৰণ কৰে। স্মৃতিচাৰণৰ সামৰণিত সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত দ্বি বাৰ্ষিক সাধাৰণ সভাত বিদায়ী সম্পাদক কল্যাণ কুমাৰ বৰাই দাখিল কৰা সম্পাদকীয় প্ৰতিবেদনৰ লগতে হিচাপ পৰীক্ষকৰ প্ৰতিবেদন সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে ৷

উক্ত সভাতে ২০২৩-২৫ বৰ্ষৰ বাবে উৎপল হাজৰিকাক সভাপতি , কল্যাণ কুমাৰ বৰাক উপসভাপতি আৰু গোবিন নাথক সম্পাদক হিচাপে চকলাঘাট শাখা সাহিত্য সভাৰ নতুন সমিতিখনক দায়িত্ব অৰ্পণ কৰা হয় ৷ উল্লেখ্য যে এই সভাতে চকলাঘাট শাখা সাহিত্য সভাক “বিশেষ শাখা” সন্মান দিয়াৰ বাবে নগাঁও জিলা সাহিত্য সভাক আৰু শ্ৰেষ্ঠ শাখাৰ সন্মান দিয়া বাবে অসম সাহিত্য সভাক ধন্যবাদ জনায় সাধাৰণ সভাই দুটি প্ৰস্তাৱ গ্ৰহন কৰে। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ গম্ভীৰ শইকীয়া, প্ৰবীণ শিল্পী তথা চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষিতেশ্বৰ বৰা, সম্পাদক অনন্ত শইকীয়া,হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ সম্পাদক জ্যোতিপ্ৰসাদ বৰা,প্ৰাক্তন সম্পাদক ৰঞ্জিত শইকীয়া,আজীৱন সদস্য মিলাৰাম বৰা,বিশিষ্ট সমাজকৰ্মী হৰেণ শইকীয়া,সোমেশ্বৰ বৰা,নীল বনিয়া,আজীৱন সভ্য তথা অধিবক্তা কুমুদ বেজবৰুৱা, যজ্ঞেশ্বৰ বৰা,অশ্বিনী বৰা,বীণা শইকীয়া,ভানু মুদৈকে ধৰি আজীৱন সভ্য,শাখা সাহিত্য সভাৰ বিষয়ববীয়া,সদস্য-সদস্যাসকল উপস্থিত থাকে ৷

Previous Post

নগাঁৱৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন সম্পন্ন,উদুলি মুদুলি পৰিৱেশ

Next Post

নগাঁৱৰ বটদ্ৰৱাত পোষন পখোৱাৰ কাৰ্যসূচী ৰূপায়ণ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
নগাঁৱৰ বটদ্ৰৱাত পোষন পখোৱাৰ কাৰ্যসূচী ৰূপায়ণ

নগাঁৱৰ বটদ্ৰৱাত পোষন পখোৱাৰ কাৰ্যসূচী ৰূপায়ণ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7