চুলি সৰাৰ সমস্যা কম-বেছি পৰিমাণে সকলোৰে আছে । বহুত সময়ত চিকিৎসকৰ পৰামৰ্শ লৈও সুফল নহয় আৰু মূৰ টোকোলা হোৱাও দেখিবলৈ পোৱা যায়। ঘৰুৱা পদ্ধতিৰে কিছু পৰিমাণে হলেও চুলি সৰা ৰোধ কৰিব পাৰি। জানিলে আচৰিত হ’ব সাধাৰণ পাত এখিলাৰেও চুলি সৰা বন্ধ কৰাৰ লগতে মূৰ ভৰ্তি চুলি ঘুৰাই আনিব পাৰি। জানো আহকচোন এই পাত খিলাৰ বিষয়ে—-
এই পাতখিলা হ’ল সহজতে বিচাৰি পোৱা মধুৰিআমৰ পাত। মধুৰিআম ফল হিচাপে যিমান উপকাৰী ঠিক তেনেকৈ মধুৰিআমৰ পাতৰ কাৰ্যকৰী গুণো অপৰিসীম। মূৰৰ চুলি সৰাৰ সমস্যা সমাধান কৰাৰ দৰে নতুন চুলি গজাতো সহায় কৰে এই মধুৰিআমৰ পাতে।
বিশেষজ্ঞ সকলোৰ মতে , নিয়মিত ভাৱে চুলিৰ যত্নত মধুৰিআমৰ পাত ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয় আৰু চুলিৰ স্বাভাৱিক বৃদ্ধি অটুত থাকে। মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন বি’ থাকে আৰু বি’ ভিটামিনে চুলিৰ পুষ্টি যোগোৱাত সহায় কৰে।
বিশেষজ্ঞ সকলে কয় যে , মধুৰিআমৰ পাতে চুলি সৰা ৰোধ কৰিব পাৰে। কাৰণ এই পাত ব্যৱহাৰ কৰিলে চুলিৰ গুৰিৰ গ্ৰন্থিৰ কোষবোৰ মজবুত হয়। কিন্তু মধুৰিআমৰ পাত ব্যৱহাৰ কৰাৰো কিছু নিয়ম আছে—-
১) প্ৰথমতে মধুৰিআমৰ পাত ভালকৈ ধুই পৰিষ্কাৰ পানীত ২০ মিনিট উতোলাই ল’ব লাগে। ২০ মিনিট সিজোৱাৰ পিছত ঠাণ্ডা হ’বলৈ দিব লাগে। ঠাণ্ডা হোৱাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে।
২) সিজোৱা মধুৰিআমৰ পাতৰ ৰস ৰঙা ৰঙৰ হয়। মিশ্ৰণটি ঠাণ্ডা হোৱাৰ পিছত পৰিষ্কাৰ বটলত থৈ দিব লাগে। হেয়াৰ টনিকৰ দৰে প্ৰতিদিনে চুলিৰ গুৰিত লগাব লাগে। এনেধৰণে নিয়মিত ব্যৱহাৰ কৰিলে অতি সোনকালে সুফল পোৱা যায়।
৩) এই মিশ্ৰণটি দিনত ব্যৱহাৰ কৰাৰ উপৰিও ৰাতি শুৱাৰ আগতেও ব্যৱহাৰ কৰিব পাৰি। ৰাতি এই মিশ্ৰণটিৰে মুৰত মালিচ কৰিলে ৰাতিপুৱা শুই উঠাৰ পিছত পানীৰে মূৰটো ভালকৈ ধুই দিব লাগে। এইধৰণে কেইদিন মান কৰাৰ পিছতে চুলিত হোৱা পৰিৱৰ্তন বুজিব পাৰি ।
৪) যি সকল লোক বহুত বেছি এই সমস্যাত ভূগি আছে তেওঁলোকৰ ক্ষেত্ৰত বেছি লাভ জনক নহ’ব পাৰে গতিকে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মধুৰিআমৰ পাতৰ এই মিশ্ৰণটিত কোনো প্বাৰ্শ ক্ৰিয়া নাথাকে বাবে ব্যৱহাৰ কৰিলে কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে।