VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অর্থনীতি টনকিয়াল কৰিবলৈ তৎপৰ বাংলাদেশ, এইবাৰ মেঘনাৰ ওপৰত নির্মাণ কৰিব আন এখন দলং

voicedesk by voicedesk
December 7, 2022
in মুখ্য সংবাদ
অর্থনীতি টনকিয়াল কৰিবলৈ তৎপৰ বাংলাদেশ, এইবাৰ মেঘনাৰ ওপৰত নির্মাণ কৰিব আন এখন দলং
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

পদ্মা নদীৰ ওপৰত নির্মাণ কৰা  দলঙৰ সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে বাংলাদেশ চৰকাৰ। বহুতে দাবী কৰে যে পৰিবহণ, পৰ্যটনৰ পৰা আৰম্ভ কৰি ব্যৱসায়লৈকে বাংলাদেশৰ অৰ্থনীতি এই দলঙখনৰ বাবেই উন্নত হৈছে । বাংলাদেশে অৰ্থনীতি অধিক  শক্তিশালী কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ মেঘনা নদীৰ ওপৰত নতুন দলং নিৰ্মাণৰ পৰিকল্পনা আৰম্ভ কৰিছে হাছিনা চৰকাৰে। ইতিমধ্যে মেঘনা নদীৰ ওপৰত দুখনকৈ দলং নিৰ্মাণ কৰা হৈছে। এইবাৰ বাংলাদেশে সেই নদীৰ ওপৰত আন এখন দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছে। ফলত ঢাকাৰ চুবুৰীয়া জিলাসমূহৰ সৈতে যোগাযোগ সহজ হ’ব।

বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাৰায়ণগঞ্জৰ আৰাই হাজাৰ আৰু ব্ৰহ্মনবৰীয়াৰ বাঞ্চাৰমপুৰ উপজিলাৰ মাজত পোনপটীয়া পথ সংযোগ স্থাপন কৰা হ’ব ৷ যিয়ে ঢাকা-চট্টগ্ৰাম আৰু ঢাকা-চিলেট পথৰ বিকল্প পথ হিচাপে কাম কৰিব। দক্ষিণ কোৰিয়াৰ জৰিয়তে  পিপিপি-জিটিইউৰ ভিত্তিত নিৰ্মাণ হ’ব এই দলংখন। বাংলাদেশ দলং প্ৰাধিকৰণে এই প্ৰকল্পৰ কাম কৰিব ৷ ইয়াৰ উপৰিও গড়কাপ্তানী আৰু ৰাজহুৱা পথ বিভাগে দুয়োফালে পথ নিৰ্মাণ কৰিব।

চৰকাৰী সূত্ৰ অনুসৰি মেঘনাৰ ওপৰত ভূলতা-আৰাই হাজাৰ-বাঞ্চাৰমপুৰ পথত ফেৰী ঘাটৰ বিপৰীতে এই তৃতীয়খন দলং নিৰ্মাণ হ’ব । জানিব পৰা মতে এই দলংখনৰ দৈৰ্ঘ্য হ’ব ৩.১৩ কিলোমিটাৰ। যান-বাহন চলাচলৰ সুবিধাৰ বাবে দলঙৰ দুয়োকাষে ৪.৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব। মেঘনা নদীত জাহাজৰ চলাচলত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে।

২০২০ চনৰ পৰা বাংলাদেশ চৰকাৰে এই দলং নিৰ্মাণৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল। এই দলং নিৰ্মাণ সম্ভৱ নে নহয় সেই সন্দৰ্ভত আলোচনা, ২০২০ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল। পিছলৈ আগষ্টৰ ভিতৰত কেবিনেটে এই প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন জনায়। বাংলাদেশৰ সংবাদ মাধ্যম “আমাৰ সময়”ৰ প্ৰতিবেদন অনুসৰি এই দলং নিৰ্মাণৰ কামত কোৰিয়াৰ নিৰ্মাণ কোম্পানী “ডায়েউ ইঞ্জিনিয়াৰিং এণ্ড কনষ্ট্ৰাকচন লিমিটেড”, “হুণ্ডাই ইঞ্জিনিয়াৰিং” আৰু “কোৰিয়ান এক্সপ্ৰেছৱে কৰ্প’ৰেচন” জড়িত হ’ব। বাংলাদেশ চৰকাৰে অহা বছৰৰ মে’ মাহত এই দলং নিৰ্মাণৰ বাবে বিনিয়োগ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে।

মেঘনাৰ ওপৰত নতুন দলং নিৰ্মাণৰ সন্দৰ্ভত সাংসদ তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী কেপ্তেইন এ বি এম তাজুল ইছলামে কয় , “যদি মেঘনাৰ ওপৰত তৃতীয়খন দলং নিৰ্মাণ কৰা হয় তেন্তে ইয়াক ঢাকা-চিট্টাগং আৰু ঢাকা-চিলেট ঘাইপথৰ বিকল্প হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হ’ব। ঢাকা-চিলেটৰ মাজত ২২ কিলোমিটাৰ আৰু ঢাকা-চিটাগঙৰ মাজত ২৭ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰা হ’ব। অঞ্চলটোত কাৰখানাৰ সংখ্যাও বৃদ্ধি পাব। দলংখনত যাতায়ত বৃদ্ধিৰ বাবে সুকীয়া পথ প্ৰকল্পৰ কাম চলি আছে। এই দলংখন মেঘনাৰ ওপৰেৰে নিৰ্মাণ কৰা হয় তেন্তে ঢাকাৰ সৈতে বাঞ্চাৰমপুৰ-নবিনগৰ-আখৌৰাৰ যোগাযোগ সহজ হ’ব। ঢাকাৰ পৰা ৰৈহাজাৰ-বঞ্চৰামপুৰৰ পৰা ব্ৰহ্মনবৰীয়া আৰু ভাৰতৰ আগৰতলালৈকে যোগাযোগ ব্যৱস্থাও বহুখিনি উন্নত হ’ব। যাত্ৰী আৰু সামগ্ৰীৰ পৰিবহণো সহজ হ’ব।“

ইয়াৰ উপৰিও দলংখনকে কেন্দ্ৰ কৰি কৰিকান্দি অঞ্চলত স্থলবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী হাছিনালৈও প্ৰেৰণ কৰা হৈছে। বৰ্তমান সময়ত আশুগঞ্জ হৈ ঢাকাৰ পৰা স্থল বন্দৰলৈ বিভিন্ন সামগ্ৰী যাবলৈ যি সময় লাগে, বাঞ্চাৰমপুৰৰ স্থল বন্দৰ মেঘনা নদীৰ পাৰত থাকিলে চাৰি ঘণ্টা কম সময় লাগিব।

বাংলাদেশ চৰকাৰে আশা কৰিছে যে এই দলং নিৰ্মাণে দেশৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব। ইয়াৰ উপৰিও হাছিনা চৰকাৰে সমগ্ৰ দেশৰ অৰ্থনীতি আৰু যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতো এক বিপ্লৱ হ’ব বুলি ভাবে।

সম্প্ৰতি বিষ্ণন্দি-কৰৈকান্দি ফেৰী পথে ব্ৰাক্ষনবৰীয়াৰ বাঞ্চাৰামপুৰ আৰু নবিনগৰক ঢাকা আৰু অন্যান্য জিলাৰ সৈতে সংযোগ কৰিছে। বাৰিষাৰ সময়ত ভ্ৰমণ যথেষ্ট বিপদজনক হৈ পৰে। ইয়াৰ বাহিৰেও এই যাত্ৰাতো বহু সময় লাগে। আৰু সেইটোৱেই হৈছে দলংখন নিৰ্মাণৰ অন্যতম কাৰণ বুলি ছৌজৰ সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰসংগক্ৰমে চলিত বৰ্ষৰ ২৫ জুনত বাংলাদেশৰ পদ্মা দলং উদ্বোধন কৰা হয়। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশৰ ‘সপোন-সেতু’ উদ্বোধন কৰে। পদ্ম দলঙৰ দৈৰ্ঘ্য ৯ কিলোমিটাৰতকৈও অধিক। কিন্তু পানীৰ ওপৰৰ অংশৰ দৈর্ঘ্য ৬ কিঃমিঃ। বাংলাদেশৰ এই সংবাদ মাধ্যমৰ মতে  পদ্ম দলং নিৰ্মাণৰ বাবে প্ৰায় ৩০ হাজাৰ ১৯৩ কোটি টকা ব্যয় কৰা হৈছে। প্ৰায় দুটা দশকৰ পৰিকল্পনাৰ অন্তত পদ্ম দলং নিৰ্মাণ কৰা হৈছে। ২০০৭ চনত পদ্ম দলঙৰ প্ৰথম বাজেট গৃহীত হয়।

হাছিনাই লগতে দাবী কৰে যে পদ্ম দলং নিৰ্মাণৰ ফলস্বৰূপে দেশত বাণিজ্য আৰু বাণিজ্যৰ উন্নয়নৰ উপৰিও কৃষি আৰু কুটিৰ উদ্যোগকে ধৰি বহু ক্ষেত্ৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। নতুন মেঘনা দলং নিৰ্মাণ হ’লে বাংলাদেশ চৰকাৰেও একেধৰণৰ সুবিধা লাভ কৰিব বুলি সেই দেশৰ একাংশ অৰ্থনীতিবিদে ভাবে।

 

Previous Post

মন-মগজুৰ পৰা নেতিবাচক চিন্তা দূৰ কৰিব বিছাৰিছে নেকি! বিজ্ঞানীৰ পৰামর্শ-পিয়ানো শুনক

Next Post

অগ্নি-৫ বেলিষ্টিক মিছাইল পৰীক্ষাৰ পূর্বে চীনৰ ‘চোৰাংচোৱা’গিৰি, পঠিয়ালে জাহাজ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অগ্নি-৫ বেলিষ্টিক মিছাইল পৰীক্ষাৰ পূর্বে  চীনৰ ‘চোৰাংচোৱা’গিৰি, পঠিয়ালে জাহাজ

অগ্নি-৫ বেলিষ্টিক মিছাইল পৰীক্ষাৰ পূর্বে চীনৰ ‘চোৰাংচোৱা’গিৰি, পঠিয়ালে জাহাজ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7