জাপানত অলপতে বিশ্বৰ প্ৰথমখন উৰণীয়া বাইক নিৰ্মাণ কৰা হৈছে। জাপানৰ এ এল আই টেকন’লজি নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰা বাইকখনৰ ইতিমধ্যে বিক্ৰীৰ বাবে বুকিং আৰম্ভ হৈছে।
কোম্পানীটোৱে উৰণীয়া বাইকখনৰ নাম ৰাখিছে এক্স টুৰিস্মো। ঘণ্টাত ১০০ কিলোমিটাৰ গতিৰে উৰিব পৰা ২০০ খন এক্স টুৰিস্মো বাইকৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হৈ উঠিছে। উৰন্ত বাইকখনৰ মূল্য হৈছে ৫.০৯ কোটি টকা। আনহাতে বাইকখনৰ দৈৰ্ঘ্য হৈছে ৩.৭মিটাৰ।
উৰণীয়া বাইকৰ উদ্ভাৱনে যানজটৰ সমস্যা সমাধান কৰিব। কিন্তু বাইকখনৰ আকাশলংঘী মূল্যই সাধাৰণ জনতাক কিছু নিৰাশ কৰা দেখা গৈছে। ভৱিষ্যতে সুলভ মূল্যত এনে বাইকৰ উদ্ভাৱন হ’ব বুলি আশা কৰা হৈছে।