কভিদ ১৯ মহামাৰীৰ সন্ত্ৰাসৰ মাজতেই এইবাৰ অসমত জিকা ভাইৰাছ প্ৰৱেশ কৰাৰ খবৰ আহিছে। উত্তৰ প্ৰদেশৰ কানপুৰত জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই অসমলৈ এই ভাইৰাছ কোনো লোকে কঢ়িয়াই অনা বুলি সন্দেহ কৰা হৈছে।
সম্প্ৰতি কেৰেলা আৰু পুনেৰ পৰা অসমলৈ ২ সপ্তাহৰ ভিতৰত অসমলৈ অহা লোকৰ জিকা ভাইৰাছৰ পৰীক্ষা বাধ্যতামূলক কৰিছে। উত্তৰ প্ৰদেশৰ পৰা অসমলৈ কোনে লোকে এই ভাইৰাছ কঢ়িয়াই আনিব পাৰে বুলি শংকা প্ৰকাশ কৰিছে।
NVBDCP, অসমৰ ষ্টেট প্ৰগাম অফিছাৰ হৰপাল সিঙে জনাই যে এতিয়ালৈকে কোনো জিকা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা অসমত পোহৰলৈ অহা নাই। তথাপিও পৰীক্ষা সম্পন্ন কৰি থকা হৈছে।
ডেংগু ৰোগ সৰবৰাহকাৰী এডিছ মহে জিকা ভাইৰাছো সৰবৰাহ কৰে। সাম্প্ৰতিক অসমত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ফলত জিকা ভাইৰাছ বিয়পিব বুলি সন্দেহ প্ৰকাশ কৰিছে।