দীঘলীয়া আইনী যুঁজৰ পাছত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পথ প্ৰশস্ত হৈছিল ৷ দ্ৰুতগতিত আগবাঢ়িছে ইয়াৰ নির্মাণকার্য ৷ সকলো ঠিকে থাকিলে ২০২৪ চনৰ আৰম্ভনিতে ৰাম মন্দিৰটো মুকলি কৰা হৈছে ৷দিন বাগৰাৰ লগে লগে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰতি মানুহৰ কৌতুহল বাঢ়িবলৈ আৰম্ভ কৰিছে । ৰাম মন্দিৰ উদ্বোধনৰ ঐতিহাসিক মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ মহানগৰীখনৰ হোটেলসমূহে বুকিং আৰম্ভ কৰিছে। বিভিন্ন ট্ৰেভেল এজেন্সীৰ কাৰ্যকলাপও বৃদ্ধি পাইছে।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰিব বিচাৰিছে মোডী চৰকাৰে। সেই উদ্দেশ্যে কাম আগবঢ়াই নিয়া হৈছে। যোৱা মাহত ৰাম মন্দিৰ কনষ্ট্ৰাকচন ট্ৰাষ্টে জনাইছিল যে ৰামলালাৰ মূৰ্তি খোদ জানুৱাৰী মাহত ৰাম মন্দিৰৰ ভিতৰত স্থাপন কৰা হ’ব। ২০২৪ চনৰ ১৫ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে যিকোনো দিনতে এই অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে সঠিক তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।
ৰাম মন্দিৰ উদ্বোধন উপলক্ষে হোটেলৰ মালিকসকলে সেই সময়ত অযোধ্যাত বৃহৎ সংখ্যক লোকৰ সমাগম হোৱাৰ আশা কৰিছে। তেওঁলোকে কয় যে এতিয়াৰে পৰা বহু হোটেল বুকিং কৰা হৈছে। মহানগৰীৰ হোটেল মালিকসকলে দাবী কৰিছে যে পৰ্যটকে সেই সময়ত ১০ৰ পৰা ১২ দিনৰ বাবে হোটেল বুকিং কৰি আছে যাতে কোনো ধৰণে ৰাম মন্দিৰ মুকলিৰ দিনটো বাদ নপৰে ।
বুধবাৰে অযোধ্যাত হোটেল কৰ্তৃপক্ষৰ সৈতে বৈঠক অনুষ্ঠিত কৰে সংমণ্ডল আয়ুক্ত গৌৰৱ দয়ালে। সেই বৈঠকত পৰ্যটকৰ বাবে হোটেলসমূহত সঠিক ব্যৱস্থাৰ ওপৰত চকু ৰাখিবলৈ কোৱা হৈছে। অযোধ্যাৰ পুৰণি হোটেল ‘শ্বান-ই-আৱাধ’ৰ পৰিচালন সঞ্চালক শৰদ কাপুৰে সংবাদমাধ্যমক জনাইছে, ‘দিল্লী, মুম্বাইকে ধৰি দেশৰ বিভিন্ন চহৰৰ পৰা প্ৰতিদিনে বুকিঙৰ বাবে ফোন আহি আছে। কিন্তু সমস্যাটো হ’ল মন্দিৰ উদ্বোধনীৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।“
ফৈজাবাদ আৰু অযোধ্যাত প্ৰায় ১৫০ খন হোটেল আছে। ইয়াৰ ভিতৰত আছে ১০খন বিলাসী হোটেল। চাৰিটা চৰকাৰী অতিথিশালা আৰু প্ৰায় ৫০টা সৰু অতিথিশালা নিৰ্মাণৰ কাম চলি আছে। নৱেম্বৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। ৰাম মন্দিৰ কনষ্ট্ৰাকচন ট্ৰাষ্টৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই যোৱা মাহত কয় যে অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰচ’ৰাত ৰামলালাৰ মূৰ্তি স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। ১০ দিন ধৰি চলিব এই অনুষ্ঠান। যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰা ভ্ৰমণ কৰি কয় যে, “২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব।“