ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে চাইবাৰ সুৰক্ষাৰ বিষয়টো অধিক প্ৰাসংগিক হৈ পৰিছে ৷ বিশেষকৈ চাইবাৰ সুৰক্ষাই দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াব পাৰে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে চাইবাৰ অপৰাধ ৷ তদুপৰি আমি ‘৫-জেনেৰচন ৱাৰফেয়াৰ’ৰ যুগত প্ৰৱেশ কৰাৰ সময়ত চাইবাৰ সুৰক্ষাৰ বিষয়টো অধিক তাৎপর্যপূর্ণ হৈ পৰিছে ৷ ৰাজ্যৰ নাগৰিক সকলৰ প্ৰতি একপ্ৰকাৰ ভাবুকি কঢ়িয়াই অনা চাইবাৰ অপৰাধ কেবল সজাগতা সৃষ্টিৰেহে প্ৰতিৰোধ কৰা সম্ভৱ ৷ইয়াৰ বাবে অসম আৰক্ষীয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে ৰাইজক অধিক সজাগ কৰি তুলিবলৈ অসম আৰক্ষীৰ মুখ্য কার্যালয়ে প্ৰকাশ কৰি উলিয়াইছে এখন বিশে্ষ পুস্তিকা ৷
মঙলবাৰে অসম আৰক্ষীৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই উন্মোচন কৰা এই পুস্তিকাখনৰ শীর্ষক হৈছে ‘চাইবাৰ চিকিউৰ অন চাইবাৰ চেফটি’৷ ইন্টাৰনেট ব্যৱহাৰৰ সময়ত ল’বলগীয়া সাৱধনতা, ব্যৱহাৰকাৰীসকলে কি কৰা উচিত অথবা কি কৰা অনুচিত, এই বিষয়সমূহেই পুস্তিকাখনত প্ৰাধান্য লাভ কৰিছে ৷আইন বলবৎকাৰী সংস্থাসমূহক কিদৰে চাইবাৰ অপৰাধ সম্পর্কে অভিযোগ দিব পাৰি সেই সন্দর্ভতো পুস্তিকাখনত উল্লেখ কৰা হৈছে ৷
সাধাৰণতে দৈনন্দিন জীৱনত সংঘটিত হোৱা চাইবাৰ অপৰাধসমূহ এই পুস্তিকাখনত সামৰি লোৱা হৈছে ৷ ফাষ্ট টেগ প্ৰৱঞ্চনা,অনলাইন নিযুক্তি প্ৰৱঞ্চনা, কে ওৱাই চি প্ৰৱঞ্চনা,কার্ড প্ৰৱঞ্চনা,ঋণ প্ৰৱঞ্চনা, লটাৰী প্ৰৱঞ্চনা,প্ৰেম সম্পর্কীয় প্ৰৱঞ্চনা,বিবাহ সম্পর্কীয় প্ৰৱঞ্চনা আদি সকলো বিষয় সামৰি লোৱা হৈছে ৷প্ৰতিটো অপৰাধ নির্মূলৰ বাবে ল’বলগীয়া ব্যৱস্থাসমুহৰ বিষয়ে সবিশেষ বর্ণনা পুস্তিকাখনত আগবঢ়োৱাৰ লগতে ছবিৰ জৰি্যতেও বিশদভাবে প্ৰকাশ কৰা হৈছে ৷ যাতে সর্বসাধাৰণ ৰাইজে সহজে চাইবাৰ অপৰাধ সম্পর্কে বুজি পাব পাৰে ৷
সাধাৰণ ৰাইজৰ চাইবাৰ ছেফটিৰ বাবে অসম আৰক্ষীয়ে কেতবোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে ৷ সজাগতা সৃষ্টি কার্যসূচী,প্ৰশিক্ষণ, চাইবাৰ অপৰাধৰ অভিযোগ দাখিলৰ বাবে হেল্পলাইন নম্বৰ মুকলি অদি পদক্ষেপ গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ অসম আৰক্ষীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূর্ণ পদক্ষেপ হৈছে চি আই ডিৰ জৰিয়তে মুকলি কৰা ১৫৫২৬০ টোল ফ্ৰী নম্বৰ ৷ ভাৰতীয় চাইবাৰ ক্ৰাইম সমন্বয়ৰক্ষী সমিতিৰ অধীনত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰ ভিত্তিত অসম আৰক্ষীয়ে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে ৷
এই টোল ফ্ৰী নম্বৰৰ জৰিয়তে বিত্তীয় যিকোনো প্ৰৱঞ্চনামুলক ঘটনা যেনে বেংক একাউণ্টৰ পৰা অজানিতে আন বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰা আদি সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ভুক্তভূগীয়ে অভিযোগ দাখিল কৰিব পাৰে ৷ এনে ঘটনা সমূহৰ তদন্ত কৰাৰ বাবে চি আই ডিৰ আছে অত্যাধুনিক চি চি পি ডব্লিউ চি লেবেৰটৰী ৷ বিশেষকৈ মহিলা আৰু শিশুজনিত অপৰাধ নির্মূলৰ বাবে এই লেবেৰটৰীৰ ব্যৱহাৰ কৰি আহিছে অসম আৰক্ষীয়ে ৷তদুপৰি চাইবাৰ অপৰাধৰ সংখ্যা ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে চাইবাৰড’ম প্ৰকল্প ৷
নতুনকৈ উন্মোচন কৰা পুস্তিকাখনৰ পৰিকল্পনা আৰু ধাৰণা হৈছে আই পি এছ বিষয়া হীৰেন চন্দ্ৰ নাথৰ ৷ তদুপৰি পুস্তিকাখনৰ সম্পাদনা গোটত আছে আই পি এছ বিষয়া পদ্মনাভ বৰুৱা, এ পি এছ বিষয়া পাপৰি চেতিয়া, এ এইচ জি এছ ৰুহুল আমিন, পৰিদর্শক দিপাংকৰ বড়ো ৷ গবেষণা আৰু ধাৰণা হৈছে এন্ড নাউ ফাউণ্ডেচনৰ অনিল ৰাচামাল্লা আৰু ডিজাইনাৰ হৈছে এন্ড নাউ ফাউণ্ডেচনৰ মাচেৰলা বিজয় কুমাৰ ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই পুস্তিকাখন প্ৰকাশ কৰা বাবে শুভেচ্ছা বার্তা প্ৰেৰণ কৰিছে ৷