তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ সাত মাহৰ পিছত মাধ্যমিক বিদ্যালয়সমূহ খুলিবলৈ অনুমতি প্ৰকাশ কৰিছে ৷ ইয়াৰ লগে লগে বুধবাৰৰ পৰা বিদ্যালয়সমূহলৈ পুনৰ ছাত্ৰীসকল ওভতি অহা পৰিলক্ষিত হৈছে ৷ শাসনৰ গাদী দখল কৰাৰ পাছতে তালিবানে মহিলাসকলে শিক্ষা গ্ৰহণকে ধৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ যোৱা আগষ্টত তালিবানে দায়িত্ব লোৱাৰ সময়ত কোভিড মহামাৰীৰ বাবে সকলো বিদ্যালয় বন্ধ আছিল ৷ কিন্তু দুমাহ পিছত বিদ্যালয়সমূহ খোলা হৈছিল যদিও কেৱল ছাত্ৰকহে শিক্ষাগ্ৰহনৰ অনুমতি দিয়া হৈছিল ৷
শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজধানী কাবুলকে ধৰি কেইবাখনো প্ৰদেশত বুধবাৰে বিদ্যালয়সমূহ পুনৰ খোলা হৈছে ৷ কিন্তু তালিবানৰ ঘাটিস্বৰূপ কান্দাহাৰৰ দক্ষিণ অঞ্চলৰ বিদ্যালয়সমূহ অহা মাহলৈ বন্ধ থাকিব ৷ অৱশ্যে ইয়াৰ বাবে কোনো কাৰণ তেওঁলোকে প্ৰকাশ কৰা নাই ৷ তদুপৰি হেৰাট আৰু পাঞ্জশিৰৰ দৰে আন প্ৰদেশৰ বিদ্যালয়সমূহ এতিয়াও খুলিবলৈ বাকী আছিল।
মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বিদ্যালয়সমূহ পুনৰ খোলাটো সদায় চৰকাৰৰ উদ্দেশ্য আছিল আৰু তালিবানৰ পৰা চাপৰ সন্মুখীন হোৱা নাছিল।মন্ত্ৰালয়ৰ মুখপাত্ৰ আজিজ আহমেদ ৰায়ানে কয়-, “আমি আন্তৰ্জাতিক সম্প্ৰদায়ক সুখী কৰিবলৈ বিদ্যালয়সমূহ পুনৰ খোলা নাই, বা বিশ্বৰ পৰা স্বীকৃতি লাভ কৰিবলৈ এই কাম কৰা নাই। আমি আমাৰ শিক্ষাৰ্থীসকলক শিক্ষা আৰু অন্যান্য সুবিধা প্ৰদান কৰাৰ দায়িত্বৰ অংশ হিচাপে বিদ্যালয়সমূহ খুলি দিছো ৷ “