লংকাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এগৰাকী স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক ৷ কিন্তু কিয়? পাৰিবাৰিক কন্দলৰ পৰিণতিৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
পাৰিবাৰিক কন্দলৰ বাবেই স্বামীৰ উপৰ্যুপৰি আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী পত্নীয়ে। লংকাৰ কাকী বেলতলাৰ ১নং মাইনাউ ডুব্লি গাঁৱৰ ৰতেন বসুমতাৰী নামৰ লোকজনে পিৰাৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ ফলত অৱশেষত মুত্যু হয় পত্নীৰ।
ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷ লগতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামী ৰতেন বসুমতাৰীক।