চলিত বর্ষৰ বিশ্ব সেউজ চহৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল এখন ভাৰতীয় মহানগৰীয়ে ৷ হায়দৰাবাদে লাভ কৰিছে এই সন্মান ৷ দক্ষিণ কোৰিয়াৰ জেজুত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উদ্যান শস্য উৎপাদক সংস্থা (AIPH)বটাঁত চলিত বর্ষৰ বিশ্ব সেউজ চহৰ বঁটা ২০২২হায়দৰাবাদে লাভ কৰে ৷ তদুপৰি লিভিং গ্ৰীণ ফৰ ইকনমিক ৰিকাভাৰী এণ্ড ইনক্লুছিভ গ্ৰ’থ’ শাখাতো চহৰখনে বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি হায়দৰাবাদ হৈছে একমাত্ৰ ভাৰতীয় চহৰ যি এই সন্মানৰ বাবে নিৰ্বাচিত হৈছে ৷
পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন মন্ত্ৰী কে টি ৰামা ৰাওৱে এই সাফল্যৰ বাবে সমগ্ৰ হায়দৰাবাদ মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু এম এ এণ্ড ইউ ডিৰ বিশেষ মুখ্য সচিব অৰবিন্দ কুমাৰক অভিনন্দন জনায়।
মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে মহানগৰীখনে সন্মানীয় “আন্তঃৰাষ্ট্ৰীয় উদ্যান শস্য উৎপাদক সংস্থা” (AIPH) বঁটা লাভ কৰাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এই আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহে তেলেংগানা আৰু দেশৰ সুনাম আৰু অধিক শক্তিশালী কৰিছে। ই আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ চহৰ হায়দৰাবাদ হোৱাটো গৌৰৱৰ বিষয় বুলিও তেওঁ লগতে কয়।